পবিত্ৰ কুমাৰ ডেকা
বিষয় পবিত্ৰ কুমাৰ ডেকা
আমাৰ বাবে আচৰিত আছিল মানুহজন। ৰাতিয়ে দিনে ঘৰতে থাকে। ভেটিটো পাৰ হৈ কেনিও নাযায়। কিন্তু বিস্ময়কৰ ভাবে ঘৰত থাকিয়ে অসমৰ চিনেমা জগতখন নিয়ন্ত্ৰন (ইতিবাচক অৰ্থত)কৰি ৰাখে। সকলো খবৰ মানুহজনৰ ঘৰলৈ আহে নিজে নিজে।
দিনত শুই ৰাতি কাম কৰা পবিত্ৰ কুমাৰ ডেকা দেবৰ ঘৰখন ৰাতি হলে ভৰি পৰে। চিনেমা জগতৰ কোন জন মানুহ তেখেতৰ ঘৰলৈ আড্ডা মাৰিবলৈ যোৱা নাই? চিনেমাজগতৰ বহু মানুহক তেঁওৰ আড্ডাতে প্ৰথম লগ পাইছো। বিভিন্ন চিনেমাৰ বিষয়ে কথা পাতিছো। আৰু তেঁওৰ ঘৰটো ভৰ্তি হৈ আছিল চিনেমাৰ বহু আপুৰুগীয়া সম্পদেৰে। এক কথাত অসমৰ চিনেমাৰ ইতিহাস সোমাই আছিল তেখেতৰ ঘৰতে।
তাহানি আছাম ট্ৰিবিউন গোটে দূৰ্গা পূজাৰ সময়ত নাটক(অসমৰ বহু ঠাইত এই পৰম্পৰা আছিল) কৰিছিল। পবিত্ৰদাই তাতে চাকৰি কৰিছিল। তেতিয়া গৌৰী বৰ্মন,পবিত্ৰদা, নিৰোদ চৌধুৰী সহিতে আৰু বহুজনে নাটক কৰাত জান প্ৰান সঁপি দিছিল। নতুনসকলে নাজানিব,পবিত্ৰদা কেনেকোৱা ধৰণৰ অভিনেতা আছিল। যিসকলে তেঁওৰ অভিনয় চাইছে আজিও পাহৰা নাই।
এনে এজন বহুমুখী ব্যক্তিৰ ওপৰত উৎপল দত্তদেবে "বাই লেন টু" নামেৰে এখন সুন্দৰ ছবি কৰি পুৰস্কৃতও হৈছিল। চৰকাৰেও তেখেতৰ নামত বঁটা ঘোষনা কৰি সজ কাম কৰিছে। কিন্তু আমি চৰকাৰক আবেদন জনাও, পবিত্ৰদাই অতি কষ্টেৰে গঢ়ি তোলা, আটোল তোলকৈ ৰখা আপুৰুগীয়া সম্পদসমূহ সংৰক্ষনৰ ব্যৱস্থা কৰক। আমি জনাত তেঁওৰ দুই সুপুত্ৰই যিমান পাৰে ভালকৈ ৰাখিছে। কিন্তু চৰকাৰৰ সহায় অবিহনে সেইখিনি দীৰ্ঘদিন সাঁচি ৰাখিব নোৱাৰিব। তেঁওৰ সংগ্ৰহখিনিক ভালকৈ ৰাখিব পাৰিলেহে, তেখেতৰ প্ৰতি প্ৰকৃত সন্মান জনোৱা হব।

Comments
Post a Comment