বাহানাবাজি
বিষয় - বাহানাবাজি
কিবা এটা কাম কৰিবলৈ বা নকৰিবলৈ আমাক এটা কাৰণ বা প্ৰচলিত অৰ্থত বাহানা লাগে। অসমৰ অধোগতিৰ বাবে বুদ্ধিজীবিৰ পৰা সাধাৰণজনলৈকে, সকলোৱে দোষ দিয়ে ৰাজ্যখনৰ অস্থিৰ পৰিবেশক। উগ্ৰপন্থাৰ পৰা হকে বিহকে দিয়া বন্ধয়ে অসমক সৃষ্টিশীল ৰূপত আগুৱাই নিয়াত বাধা দিছে। লগতে অসমৰ মানুহে কাম নকৰাৰ বদনাম এটা আছেই। কিন্তু সছাকৈ অস্থিৰতা,অৰাজকতাই উন্নতিৰ প্ৰধান অন্তৰায় নে? আহকচোন দুখনমান দেশৰ উদাহৰণ লও-
দীঘলীয়া ইৰাক ইৰাণৰ যুদ্ধৰ সময়তে, নতুন চিন্তা চেতনাৰে চিনেমা নিৰ্মান কৰিছিল ইৰাণৰ আব্বাচ কিৰোস্তামিয়ে। ৰক্ষণশীল সমাজৰ মাজত থাকি, কঠোৰ চেন্সৰশ্বিপৰ মাজতো বিশ্ব জয় কৰা চিনেমা নিৰ্মান কৰিছিল তেঁও।
ছোভিয়েত ৰুচিয়াৰ আটাইতকৈ অস্থিৰ সময়খিনিতে মেক্সিম গৰ্কীৰ দৰে লিখক উলাইছিল।
পৰমানু বোমাৰে ধ্বংস কৰা জাপান উঠি আহিছিল ফিনিক্স পখীৰ দৰে। (আজিকালি জাপানাৰ উদাহৰণ ফেচবুকত খুব দিয়া হয়। কিন্তু জানি আচৰিত হব ধ্বংসপ্ৰাপ্ত জাপানক জী তুলিবলৈ, চৰকাৰ তথা বুদ্ধিজীবি সকলে প্ৰথম কি কৰিছিল জানেনে? চৰিত্ৰপাঠৰ পুথি লিখিছিল। দেশ বিদেশৰ ভাল ভাল কিতাপবোৰ অনুবাদ কৰিছিল। এটা জাতিৰ চৰিত্ৰ ওপৰতে গঢ়ি নুঠে।) এতিয়া জাপানক সমীহ নকৰা জাতি নাই।
এইবাৰ ফুটবল বিশ্বকাপলৈকে চাওক। যুদ্ধত ক্ষতিগ্ৰস্ত এখন দেশ। চাৰিওফালে শৰণাৰ্থি শিবিৰ। তাৰ মাজৰ পৰাই ওলাই আহিল লুকাহঁত। পৃথিবী জিনি গল।
ইমান দূৰলৈ নগৈ কাষৰে মনিপুৰলৈ চাওক। তাৰ অৱস্থা অসমতকৈও বেয়া। উগ্ৰপন্থী, সৈন্যবাহিনী, আন্দোলন- মুঠতে এক অস্থিৰ পৰিবেশ। কিন্তু তাৰ পৰাই সৃষ্টি হৈছে বিশ্বমানৰ খেলোৱৈ, ৰতন থিয়ামৰ দৰে বিশ্বখ্যাত নাট্যবোদ্ধা, অৰিবাম শ্যাম শৰ্মাৰ দৰে চিনেমা নিৰ্মাতা, সত্ৰীয়াৰ আগতেই প্ৰতিস্থা কৰিছে মণিপুৰী নৃত্যক।
ইয়াৰ মানে হল কেবল অৰাজকতাই উন্নতিত বাধা নিদিয়ে। বাধা দিয়ে জাতিৰ চৰিত্ৰই। আমাৰ বিফলতাৰ বাবে আমি কাৰণ বিচাৰি ফুৰো আৰু সহজতে পাই যাও । দোযবোৰ জাপি দিও আনক।
জাতিৰ চৰিত্ৰ যদি ভাল হয় হাজাৰ বাধায়েও ৰখাব নোৱাৰে।

Comments
Post a Comment