Altaf Mazid আলতাফ মজিদ
আলতাফ মজিদ দেবৰ নামত কিয় বঁটা লাগে ?
অসমৰ চুটি ছবি তথা তথ্যচিত্ৰ নিৰ্মানৰ ক্ষেত্ৰখনত বাটকটিয়া বুলি কলে তিনিজন মানুহৰ নাম মনলৈ আহে। শ্ৰদ্ধাৰ কমল নাৰায়ন চৌধুৰী, গৌৰী বৰ্মন আৰু কুলদা কুমাৰ ভট্ৰাচাৰ্যদেব । ইয়াৰ ভিতৰত আটাইতকৈ বেছি তথ্যচিত্ৰ নিৰ্মান কৰিছিল বৰ্মনদেবে।
কিন্তু কাহিনীগত চুটি ছবিৰ ক্ষেত্ৰখনক প্ৰায় অকলেই আগুৱাই নিছিল মজিদ ডাঙৰীয়াই। অসমত চুটি ছবিৰ ধাৰাটোক মূল সূতিৰ বহু নিৰ্মাতাই হীন চকুৰে চাইছিল। চুটি ছবিক এজন নিৰ্মাতাই ডাল পাত বুলিহে অভিহিত কৰিছিল। কিন্তু তেঁও পাহৰি গৈছিল(চিনেমাৰ ইতিহাস নজনাৰ ফল) " এৰাইভেল অব এ ট্ৰেইন এখন চুটি ছবিয়ে আছিল।
যিহওক এনে এটা প্ৰতিকুল পৰিবেশত আলতাফ মজিদে সাহসেৰে চুটি ছবি নিৰ্মান কৰিবলৈ আগবাঢ়ি আহিছিল। লগতে তেঁও অসমৰ চিনেমা সম্পৰ্কে দেশ-বিদেশৰ কাকতত লিখিবলৈ ধৰিলে। তেঁওৰ "জীৱন" ছবিখনে যেতিয়া পুৰস্কাৰ পালে তেতিয়াই তেঁও লাইম লাইটলৈ আহিল। ইয়াৰ পাছত তেঁও ইখনৰ পাছত সিখন চুটি ছবি নিৰ্মান কৰে, যিবোৰ ছবিয়ে দেশ বিদেশত প্ৰসংশা বুটলিবলৈ সক্ষম হয়। চুটি জীৱনকালত তেৰখনকৈ ছবি নিৰ্মান কৰা মজিদ দেবৰ নামত সেয়ে এটা বঁটা প্ৰদান কৰা উচিত। আৰু অধিক তয লাগিলে তেঁওৰ পত্নী জেবিন আহমেদৰ Zabeen Ahmed পৰা লব পাৰে।
আৰু এটা কথা উল্লেখ কৰিবই লাগিব। জ্যোতি প্ৰসাদ দেবৰ "জয়মতী" যিতো সংস্কৰন এতিয়া ইউটিউবত উপলদ্ধ, সেইটো মজিদ দেবে জেপৰ পইচা খৰছ কৰি উদ্ধাৰ কৰা। যিটো কামৰ দায়িত্ব চৰকাৰৰ আছিল। চৰকাৰৰ দায়িত্ববাহী সকলৰ অৰ্থহীন নাচ গানত যিমানহে মনোযোগ, এই ভাল কামবোৰৰ কথা হয়তো মনলৈয়ে নাহে। গতিকে চৰকাৰলৈ অনুৰোধ উপযুক্ত ব্যক্তিক দায়িত্ব দিয়ক যাতে ৰাইজৰ ধন অপচয় নহয়।

Comments
Post a Comment