মহেন্দ্ৰ বৰঠাকুৰ

পাহৰিছো কিয় - পোন্ধৰ
আচৰিতধৰণে মানুহজনক আমি পাহৰিলো। অথচ গুৱাহাটীৰ মাজমজিয়াত থকা ঘৰত এসময়ত বহিবলৈ মানুহে ঠাই নেপাইছিল। কাৰোবাক নাটক লাগে, কাৰোবাক চিত্ৰনাট্য। খীন মিন মানূহজনৰ খাবলৈ শুবলৈ সময় নাই। ভিৰ লাগি থকা ঘৰখন এতিয়া উদং। হয় মহেন্দ্ৰ বৰঠাকুৰদেবৰ কথা কৈছো। নাট্য সাহিত্যলৈ অমুল্য অবদান আগবঢ়োৱা বৰঠাকুৰ দেবৰ নাটকসমূহ ছপা কৰি উলিয়াব লাগে। চৰকাৰে এই কামটো কৰিলৈও তেঁওৰ প্ৰতি শ্ৰদ্ধা জনোৱা হব।

Comments