শিল্পী সকলৰ ওপৰত লকডাউনৰ প্ৰভাৱ

ভয়াবহ সংকটত পৰিছে অসমৰ শিল্পী সমাজ

¤¤#অমৰদ্বীপ_গগৈ
কৰ'না ভাইৰাছে বিশ্বৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰভাৱ পেলাইছে । আধুনিক মানুহৰ মনন জোকাৰি যোৱা এই মহামাৰীৰ ফলত অসমৰ দৰে ৰাজ্য এখনত বাৰুকৈয়ে পৰিছে নেতিবাচক প্ৰভাৱ l
 কৰ'নাৰ ফলত অসমত বাকীবোৰ ক্ষেত্ৰত যিমান নেতিবাচক প্ৰভাৱ পৰিব তাতকৈ বহু বেছি প্ৰভাৱ পৰিছে অসমৰ চিনেমা জগতত । অসমৰ চিনেমা উদ্যোগটো আজিও চালুকীয়া । এতিয়া কৰ'ণা ভাইৰাচে এই ক্ষেত্ৰ খনক একেবাৰে নিশকটীয়া কৰি পেলালে । ইয়াৰ ফলত অসমৰ যিসকল চিনেমাৰ কৰ্মী সকলৰ  অৱস্থা পানীত হাঁহ নচৰা হৈছে l
আজি ভাৰতৰ অৰ্থনীতি ধ্বংসপ্ৰায় ! চিনেমা নিৰ্মাণত বিনিয়োগ হয় যথেষ্ট বেছি । এনে প্ৰেক্ষাপটত অসমীয়া চিনেমাত বিনিয়োগ কৰিবলৈ কোনোবাযে আগ বাঢ়ি আহিব তাত সন্দেহ আছে l  ফলত আগন্তুক দিন বোৰত অসমৰ চিনে কৰ্মী সকলযে নিবনুৱা হৈ পৰিব তাত সন্দেহ নাই ! আনহাতে দেশৰ মণ্ডাৱস্থাৰ বাবে টিভি জগত খনটো হ্ৰাস পাইছে বিজ্ঞাপন l বিজ্ঞাপন বিহীন ভাৱে অসমৰ মনোৰঞ্জনধৰ্মী টিভি চেনেল কেইটা কিমান দিনলৈ জীয়াই থাকিব তাতো সন্দেহ আছে !!
ইয়াৰ সমান্তৰাল ভাবে অসমৰ সংগীত জগত খনলৈও খৰাং নামি আহিব । বহাগৰ বিহুটি বহুতৰ বাবে উপাৰ্জনৰ প্ৰধান আহিলা আছিল । কিন্তু কৰ'ণাই সকলো খেলিমেলি কৰি দিলে । এইবাৰ যিহেতু বিহু নহ'ল আৰু লকডাউন খোলালৈকে সময় উকলি যাব গতিকে সংগীত জগতৰ বহুতৰে ঘৰত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হব । তাৰোপৰি ভূতৰ ওপৰত দানহ পৰাৰ দৰে এইবাৰ গৰমৰ বন্ধও বিদ্যালয় সমূহে নাপাব । বহু সাংস্কৃতিক কৰ্মী আছে যিসকলে গৰমৰ বন্ধত বিভিন্ন কৰ্মশালা পাতে , প্ৰতিযোগিতা পাতে । তাৰ পৰাই কিছু ধন ঘটে । এইবাৰ তাৰো মুদা মৰিল । এনে এক নিৰাশাজনক পৰিস্থিতিত সাংস্কৃতিক কৰ্মী সকলে কি কৰিব? কাৰ মুখলৈ চাব ?
নিঃসন্দেহে এনে দুঃসময়ত চৰকাৰৰ ভুমিকা ইতিবাচক হব লাগিব । সাংস্কৃতিক জগত খনক জীপাল কৰি ৰাখিবলৈ চৰকাৰে বিশেষ আঁচনি ৰূপায়ণ কৰাৰ বাহিৰে অন্য গত্যন্তৰ নাই । চৰকাৰৰ ওচৰত শিল্পী সাহায্য নিধি এটা আছে । চিনেমা হলৰ প্ৰতিটো টিকটৰ পৰা এক টকাকৈ ইয়াত জমা হয় । এই ধনখিনি চৰকাৰে বিপদ কালত খৰচ কৰিব পাৰে । বা দূৰদৰ্শনৰ যোগেদি কিছু কাম কৰিব পাৰে । যাৰ দ্বাৰা সাংস্কৃতিক জগত খন গতিশীল হৈ থাকে। নহ'লে মৰি মৰি জীয়াই থকা সাংস্কৃতিক জগত খন বহু বছৰলৈ পয়া যে লাগিব সেয়া খাটাং ।

Comments