Posts

Showing posts from June, 2020

৫০ বছৰীয়া অবদানৰ স্বীকৃতি

৫০ বছৰীয়া অবদানৰ স্বীকৃতি   অসমৰ দুখন আলোচনী আমি সদায় শেষৰ পৰা পঢ়িছিলোঁ । এখনত সৰু সৰু কিন্তু বৰ দৰকাৰী  কথা কিছুমান আলোচনা কৰা হৈছিল আৰু আনখনত আছিল আকৰ্ষণীয় ফটো । দুয়োখন আলোচনী হাতত লৈয়ে শেষ পৃষ্ঠাতো চাওঁ কি আছে ? আলোচনী দুখন আছিল প্ৰান্তিক আৰু বিস্ময় । প্ৰান্তিকৰ শেষ পৃষ্ঠাত ভবেন্দ্ৰ নাথ শইকীয়া দেবৰ লিখনি সমূহ আমাৰ বাবে ভবা চিন্তাৰ সাৰথি আছিল আৰু বিস্ময়ৰ শেষ পৃষ্ঠাৰ ফটো খনে কিছু উত্তেজনা আৰু মনোৰজ্ঞন দিছিল । কালৰ সোঁতত পৰি প্ৰান্তিক এতিয়া অনলাইন ( ডিজিটেল) কৰা হৈছে আৰু পাঠকৰ অভাবত ৫০ বছৰ অতিক্ৰম কৰা বিস্ময়ৰ সম্পাদকে শেষ সম্পাদকীয় লিখিবলৈ বাধ্য হৈছে ।    মোৰ বা মোৰ সমসাময়িক বয়সৰ যিসকল আছে তেওঁ লোকৰ সৰহ ভাগৰে কিতাপ পঢ়াৰ অভ্যাস গঢ় দিয়াত বিস্ময় আলোচনীৰ বিৰাট অবদান আছে । বিষয় বস্তুৰ বৈচিত্ৰতাৰ বাবে বিস্ময়ে সদায় হাত বাউলী মাতিছিল । বিশেষকৈ ৰহস্য সাহিত্য,  চাইন্স ফিকচন, চিনেমা সম্পৰ্কীয় বাতৰি আৰু আলোচনা,  খেলৰ খবৰ, প্ৰিয় বন্ধু শিতান, পবিত্ৰ কুমাৰ ডেকা দেবে পৰিচালনা কৰা খুহুতীয়া শিতান, কৌতুক সমূহ ইত্যাদিয়ে বিস্ময়ক বিস্ময়কৰ কৰি তুলিছিল । এক কথাত ক'বলৈ গ'লে কি ...