৫০ বছৰীয়া অবদানৰ স্বীকৃতি
৫০ বছৰীয়া অবদানৰ স্বীকৃতি
অসমৰ দুখন আলোচনী আমি সদায় শেষৰ পৰা পঢ়িছিলোঁ । এখনত সৰু সৰু কিন্তু বৰ দৰকাৰী কথা কিছুমান আলোচনা কৰা হৈছিল আৰু আনখনত আছিল আকৰ্ষণীয় ফটো । দুয়োখন আলোচনী হাতত লৈয়ে শেষ পৃষ্ঠাতো চাওঁ কি আছে ? আলোচনী দুখন আছিল প্ৰান্তিক আৰু বিস্ময় । প্ৰান্তিকৰ শেষ পৃষ্ঠাত ভবেন্দ্ৰ নাথ শইকীয়া দেবৰ লিখনি সমূহ আমাৰ বাবে ভবা চিন্তাৰ সাৰথি আছিল আৰু বিস্ময়ৰ শেষ পৃষ্ঠাৰ ফটো খনে কিছু উত্তেজনা আৰু মনোৰজ্ঞন দিছিল । কালৰ সোঁতত পৰি প্ৰান্তিক এতিয়া অনলাইন ( ডিজিটেল) কৰা হৈছে আৰু পাঠকৰ অভাবত ৫০ বছৰ অতিক্ৰম কৰা বিস্ময়ৰ সম্পাদকে শেষ সম্পাদকীয় লিখিবলৈ বাধ্য হৈছে ।
মোৰ বা মোৰ সমসাময়িক বয়সৰ যিসকল আছে তেওঁ লোকৰ সৰহ ভাগৰে কিতাপ পঢ়াৰ অভ্যাস গঢ় দিয়াত বিস্ময় আলোচনীৰ বিৰাট অবদান আছে । বিষয় বস্তুৰ বৈচিত্ৰতাৰ বাবে বিস্ময়ে সদায় হাত বাউলী মাতিছিল । বিশেষকৈ ৰহস্য সাহিত্য, চাইন্স ফিকচন, চিনেমা সম্পৰ্কীয় বাতৰি আৰু আলোচনা, খেলৰ খবৰ, প্ৰিয় বন্ধু শিতান, পবিত্ৰ কুমাৰ ডেকা দেবে পৰিচালনা কৰা খুহুতীয়া শিতান, কৌতুক সমূহ ইত্যাদিয়ে বিস্ময়ক বিস্ময়কৰ কৰি তুলিছিল । এক কথাত ক'বলৈ গ'লে কি নাছিল বিস্ময়ত ? লগতে কিমান লিখক সৃষ্টি কৰিলে বিস্ময়ে ? তেনে এখন আলোচনী বন্ধ হবলৈ গৈ আছে । ৫০ বছৰীয়া অবদানৰ এনেধৰণৰ স্বীকৃতি কেবল অসমীয়া ( নিজকো ধৰিছো) সকলেহে দিব পাৰে ।

Comments
Post a Comment