চিনেমা মহোৎসব আৰু অপপ্ৰচাৰ

অসমত বহু দিনৰ পৰা এটা কথা সকলোৱে লক্ষ্য কৰিছে যে দেশৰ ভিতৰৰ আৰু বাহিৰৰ চিনেমা মহোৎসব সমূহত অসমৰ চিনেমাই পুৰস্কাৰ পাইছে বা প্ৰদৰ্শনৰ সুবিধা পাইছে । এনে ধৰণৰ খবৰবোৰে ৰাইজক আনন্দিত কৰি তোলে । মিডিয়াত সাংঘাটিক ধৰণেৰে প্ৰচাৰ কৰা হয়। কোনেও মহোৎসব সমূহ কেনেকৈ, কি পৰ্য্যায়ৰ বিচাৰ কৰি নাচায় । পৃথিৱীত লাখ লাখ চিনেমা মহোৎসব আছে । আপোনাৰ চিনেমাখন যদি দহটা মহোৎসবলৈ পঠাই দুটাত প্ৰদৰ্শনৰ সুবিধা পাবই। কোনোবা এটাত পুৰস্কাৰো পাব নাই যাব পাৰে । কিন্তু আচল কথাটো হল মহোৎসবটো কি পৰ্য্যায়ৰ? তালৈ কেনেধৰণৰ চিনেমা আহিছিল? সেইবিলাকৰ গুণাগুণ কোনটো পৰ্য্যায়ৰ আছিল ? আৰু কিছু বাতৰি আহে - কান মহোৎসবত ভাৰতৰ অমুক গল তমুক গল । ৰেড কাৰ্পেটত অমুকে খোজ কাঢ়িলে আদি । এইবোৰ মহোৎসবৰ নিৰ্বাচিত চিনেমাৰ লগত সম্পৰ্ক হীন ঘটনা । ধৰা হল গুৱাহাটী আন্তৰ্জাতিক চিনেমা মহোৎসবলৈ কেটেৰিণাক মাতিলে । তাৰমাণে এইটো নহয় যে মূল মহোৎসবৰ নিৰ্বাচিত চিনেমা বোৰত ইয়াৰ প্ৰভাৱ পৰিব। অসমতে কিছু বছৰৰ আগত খবৰ প্ৰকাশ পালে যে প্ৰস্তুতি পৰাশৰে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিলে। চাই মেলি দেখিলো সেইটো এটা চিনেমা মহোৎসবহে।  ভাৰতীয় চিনেমাৰ পুৰোধা ব্যক্তি জনৰ নামত পাতিছে । তাকো একেবাৰে নতুন। তালৈ যোৱা চিনেমা সমূহৰো গুণগত মান উচ্চ নাছিল। কথাটো কোৱাৰ লগে লগে একাংশ জাঙুৰ খাই উঠিল। অসমৰ চিনেমাৰ শত্ৰু হিচাবে চিহ্নিত কৰি পেলালে। পাছত যেনিবা সত্যটো প্ৰকাশ পালে । 
      এনেধৰণৰ ঘটনা বৰ্তমান বৃদ্ধি পাইছে। অস্কাৰৰ কাৰবাৰটো  আকৌ বেলেগ ধৰণে আহে । অস্কাৰৰ বাবে ভাৰতৰ পৰা যোগদান কৰিবলৈ এটা প্ৰক্ৰিয়াৰ মাজেৰে যাব লগা হয় । ভাৰতত অস্কাৰৰ বাবে চিনেমা নিৰ্বাচিত কৰিবলৈ এখন কমিটি থাকে । ( এই কামটি খনৰ এজন সদস্য আমাৰ অমৃত প্ৰীতম ) ভাৰতীয় বিভিন্ন ভাষাৰ নিৰ্মাতা সকলে এই কমিটিৰ ওচৰত আবেদন কৰিব লাগে । ( আবেদন কৰাৰ মাচুল প্ৰায় আশী হাজাৰ মান । এতিয়া বৃদ্ধি হবও পাৰে । মাজতে খবৰ ওলাল অসমীয়া চিনেমা এখন অস্কাৰলৈ যাব । আচল কথাটো আছিল চিনেমা খনে অস্কাৰৰ বাবে আবেদনহে কৰিছিল। তাৰে লিষ্ট খন ওলাইছিল।  ) আবেদন কৰা চিনেমা সমূহৰ পৰা উচ্চ গুণৰ চিনেমা খন অস্কাৰৰ প্ৰতিযোগিতালৈ পঠোৱা হয় । ইয়াৰ পৰা পঠিয়াই দিয়া চিনেমা খন অস্কাৰৰ প্ৰাথমিক স্তৰতে থাকে । মূল প্ৰতিযোগিতাৰ বাবে আকৌ নিৰ্বাচন কৰা হয়। যেনেকৈ আমাৰ ৰিমা দাসৰ চিনেমা খনে মূল প্ৰতিযোগিতাত স্থান নাপালে । ( অস্কাৰৰ নিৰ্বাচন প্ৰক্ৰিয়া যথেষ্ট জটিল) 
      এতিয়া যে ওলাইছে বাৰ্লিনৰ মহোৎসবত আইমী বৰুৱাৰ ছেমখৰ প্ৰদৰ্শন হব । খবৰটো সামাজিক মাধ্যম আৰু ইলেকট্ৰনিক মিডিয়াত প্ৰচাৰ হল । শুনি আমিও আনন্দিত হ'লো। লগে লগে বাৰ্লিন মহোৎসবৰ প্ৰদৰ্শিত হব লগা চিনেমা সমূহৰ নামৰ তালিকা খন চালো । তাত নাম নাই । তেন্তে কি হল ? অলপ বিচাৰ খোচাৰ কৰি গম পালো ভাৰত চৰকাৰৰ উদ্যোগত বাৰ্লিনত কিছু চিনেমা প্ৰদৰ্শন কৰা হব। তাতে ছেমখৰো প্ৰদৰ্শিত হব । আচল কথাটো হল মূল মহোৎসবৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। চৰকাৰে এই সময় বাচি লোৱাৰ মূল কাৰণটো হ'ল- বাৰ্লিন আন্তৰ্জাতিক চিনেমা মহোৎসবলৈ বিশ্বৰ সকলো প্ৰান্তৰৰ নিৰ্মাতা, বিতৰক, বিতৰকৰ এজেণ্ট, অন্যান্য মহোৎসবৰ কিউৰেট সকল আহে । তেওঁ লোকক যদি চিনেমা সমূহ দেখোৱাব পৰা যাই, তেওঁ লোকে যদি পছন্দ কৰে তেন্তে চিনেমা খনৰ কপাল ফুলিল বুলি কব পাৰে । ( আমাৰ গুৱাহাটী আন্তৰ্জাতিক চিনেমা মহোৎসব আৰম্ভ হওঁতেও বিতৰক, এজেণ্ট, চিনেমাৰ মাৰ্কেটিং কৰা মানুহক মাতিবলৈ অনুৰোধ কৰিছিলোঁ। কিন্তু উদ্যোগতা সকল সেই সময়ত একেবাৰে নতুন আছিল বাবে আমাৰ কথা তল পৰিল । হয়তো ওস্তাদি মৰা বুলিয়ে ভাবিছিল। কিন্তু পাছত যেতিয়া পৃথিৱীৰ মহোৎসব সমূহলৈ গল তেতিয়া তেওঁ লোকেও দেখিছিল এই মানুহ নাহিলে মহোৎসব এটা আধৰুৱা হৈ থাকে । পাছৰ বছৰ অনা হৈছিল। কেবল চিনেমা প্ৰদৰ্শন কৰাই চিনেমা মহোৎসবৰ মূল কথা নহয়। ) 
  এতিয়া ছেমখৰৰ কথাটো হল বাৰ্লিনৰ মূল মহোৎসবত নাই । ভাৰত চৰকাৰে ভাৰতীয় চিনেমাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে পতা প্ৰদৰ্শনীতহে চিনেমা খন আছে । এইটোও কম গুৰুত্ব থকা কথা নহয়। যেনেকৈয়ে নহওক ছেমখৰক চৰকাৰে নিৰ্বাচিত কৰিছে । নিৰ্মাতাৰ হয়তো চিনেমা মহোৎসব সম্পৰ্কে সিমান জ্ঞাত নহয়।  গতিকে প্ৰচাৰ ভুলকে কৰিলে । একে ঘটনা ঘটিছিল ভাৰত চৰকাৰে পতা আন্তৰ্জাতিক চিনেমা মহোৎসবত।  মন্ত্ৰী অনুৰাগ ঠাকুৰে নিজৰ ভাষণত ছেমখৰৰ কথা উল্লেখ কৰিছিল।  প্ৰচাৰ চলিল মহোৎসবত ছেমখৰক প্ৰশংসা কৰা বুলি। কথাটো এনেধৰণৰ- মহোৎসব এটাত বিভাগীয় মন্ত্ৰী জনে যিকোনো কথা কব পাৰে । আমাৰ ইয়াত আঁচনি কিছুমানৰ কথাই বেছিকৈ কয় । সেই কথাবোৰৰ সম্পৰ্ক চিনেমাৰ মুল মহোৎসবৰ লগত নাই । মন্ত্ৰী এজনে কৰা প্ৰশংসা আৰু জুৰিয়ে কৰা প্ৰশংসাৰ মাজত পাৰ্থক্য আছে। এনেধৰণৰ কথা কাণ্ড চলি থাকিব। ৰাইজেও কথাবোৰ যুকিয়াই চাই গ্ৰহণ কৰা উচিত।

Comments