ৰুচ-ইউক্ৰেন সংঘাত
সম্প্ৰতি বিশ্ব তোলপাৰ হৈ আছে ৰুচ-ইউক্ৰেইন সংঘাতক লৈ। বিশ্বৰ দেশসমূহে এই সংঘাতক সাৱধানতাৰে লক্ষ্য কৰি আছে। কাৰণ বিশ্বৰ সৰু প্ৰান্ত এটাতো যদি নঘটিবলগীয়া কিছু ঘটনা ঘটে, তেন্তে তাৰ প্ৰভাৱ পৰে সমগ্ৰ বিশ্বতে। ৰুছ-ইউক্ৰেইন সংঘাটত দুই বৃহত্ শক্তি ৰাছিয়া আৰু আমেৰিকা জড়িত হৈ আছে। লগত আছে নাটোৰ দেশসমূহ। গতিকে বিশ্ব সম্প্ৰদায় উদ্বিগ্ন হৈ পৰিছে।
মূল সমস্যাটো হৈছে ইউক্ৰেইনে নাটোৰ সদস্য পদ ল’ব বিচাৰিছে। নাটোৰ দেশসমূহ ইউক্ৰেইনক আদৰিবলৈ প্ৰস্তুত। কিন্তু ৰাচিয়াই ইয়াৰ বিৰোধিতা কৰিছে। নাটোক লৈ ৰাছিয়াৰ এই অসন্তুষ্টি কিয় সৃষ্টি হৈছে? কিয় ৰাছিয়াই ইউক্ৰেইনক নাটোৰ সদস্য হোৱাত বাধা দিছে? এই কথাবোৰ বুজিবলৈ আমি আলোচনা কৰিব লাগিব নাটো কি হয় ? নাটোৰ জন্ম কেনেকৈ হ’ল?
North Atlantic Treaty Organization ক আমি চমুকৈ NATO বুলি কওঁ। নাটোৰ বিষয়ে কোৱাৰ আগতো বৰ্তমান পৰিস্থিতিৰ দুটামান কথা উল্লেখ কৰিব লাগিব। ৰুচ-ইউক্ৰেইনৰ সংঘাতৰ ফলত ৰাছিয়াৰ প্ৰায় দুই লাখ সৈনিকে ইউক্ৰেইনৰ সীমান্তত অৱস্থান লৈছে। কিছু ৰুছ সৈনিকে বেলাৰুছত যুদ্ধৰ অভ্যাস কৰিছে। ইয়াৰ বিপৰীতে ইউক্ৰেইনে লাভ কৰিছে পশ্চিমীয়া দেশসমূহৰ সমৰ্থন। নাটোৰ সদস্য দেশ কিছুমানে ধন আৰু অস্ত্ৰ দি সহায় কৰিছে ইউক্ৰেইনক। ফলত দুয়োপক্ষৰ মাজত যুদ্ধৰ পৰিৱেশ সৃষ্টি হৈছে। যিটোৱে বিশ্ব সম্প্ৰদায়ক চিন্তিত কৰি তুলিছে।
১৯৪৫ চনৰ কথা। দ্বিতীয় মহাসমৰ প্ৰায় শেষ হোৱাৰ পথত। ষ্টেলিনৰ ৰেড আৰ্মীয়ে বাৰ্লিনত বিজয়ী পতাকা উত্তোলন কৰিছে। কুখ্যাত হিটলাৰে ইতিমধ্যে আত্মহত্যা কৰিছে। যুদ্ধৰ অপৰাধীসকলৰ ওপৰত আদালতত মোকৰ্ডমা তৰিবলৈ যো-জা চলাইছে মিত্ৰপক্ষই। কিন্তু এনে সন্ধিক্ষণতো প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ছগা-চোৰোকাকৈ যুদ্ধ চলাই আছে জাপানে। যুদ্ধ শেষ কৰিবলৈ মিত্ৰ শক্তিয়ে জাপানত পৰমাণু বোমা পেলাবলৈ ঠিক কৰে। ১৯৪৫ চনত আমেৰিকাই জাপানৰ দুখন চহৰত পৰমাণু বোমা পেলায়। এই হৃদয় বিদাৰক ইতিহাস আমি সকলোৱে জানো। বিশ্বত এই শোকগাথাঁ সদায় বেদনাৰে লিখা থাকিব।
আমেৰিকাই পৰমাণু বোমাৰ কথা অতি গোপনে ৰাখিছিল। ছোভিয়েটক এই বিষয়ে একো জনোৱা নাছিল। ইয়াকে লৈ ভিতৰি ভিতৰি ছোভিয়েট আৰু আমেৰিকাৰ মাজত আৰম্ভ হৈছিল শীতল যুদ্ধ। ষ্টেলিনে আমেৰিকাক সন্দেহ কৰিবলৈ আৰম্ভ কৰে। লাহে লাহে দুয়োখন মিত্ৰ দেশ শত্ৰু দেশলৈ পৰিণত হয়। বিশ্বক কোনে শাসন কৰিব, তাক লৈ দুই শক্তিধৰ দেশৰ মাজত আৰম্ভ হয় প্ৰতিযোগিতাৰ। ষ্টেলিনে ছোভিয়েটৰ প্ৰভুত্ব বৃদ্ধি কৰিবলৈ পূব ইউৰোপৰ বহু দেশত কমিউনিষ্ট চৰকাৰক শাসনত বহুৱায়। আমেৰিকাও বহি নাথাকিল। ১৯৪৮ চনত ৰুছে বাৰ্লিনক অৱৰোধ কৰে। এই ঘটনাই আমেৰিকাৰ তত্পৰতা বৃদ্ধি কৰে। এই বাৰ্লিন অৱৰোধনো কি আছিল?
দ্বিতীয় মহাসমৰৰ পাছত বৃহত্ জাৰ্মানীক চাৰিটা ভাগত ভাগ কৰা হৈছিল। এই চাৰিটা ভাগৰ গৰাকী আছিল ছোভিয়েট ৰাছিয়া, ফ্ৰান্স, ব্ৰিটেইন আৰু আমেৰিকা। পশ্চিম জাৰ্মানী আছিল আমেৰিকা, ফ্ৰান্স আৰু ব্ৰিটেইনৰ। পূব জাৰ্মানী আছিল ছোভিয়েট ৰাছিয়াৰ। পশ্চিম জাৰ্মানীলৈ যাব লগা পথটো আছিল পূব জাৰ্মানীত। ১৯৪৮ চনত ছোভিয়েটে এই পথটো বন্ধ কৰি দিয়ে। ইয়াকে কোৱা হয় বাৰ্লিন অৱৰোধ। এই অৱৰোধৰ ফলত পশ্চিম জাৰ্মানীত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনী হয়। হাহাকাৰ লাগে পশ্চিম জাৰ্মানীত। ফ্ৰান্স, আমেৰিকা আৰু ব্ৰিটেইনে আকাশী পথেৰে অত্যাৱশ্যকীয় বস্তুৰ যোগান ধৰিবলৈ চেষ্টা কৰিছিল যদিও সেয়া পৰ্যাপ্ত নাছিল। পাছত যেনিবা ছোভিয়েটে পথটো খুলি দিয়ে। কিন্তু এই ঘটনাই ছোভিয়েট আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কক তলা মাৰি দিয়ে। আমেৰিকাই তত্পৰতাৰে ১২খন দেশক একত্ৰিত কৰি এটা সংগঠনৰ জন্ম দিয়ে। ১৯৪৯ চনৰ ৪ এপ্ৰিলত ১২ খন দেশ লগ হৈ জন্ম দিয়ে নাটোৰ। নাটোৰ দেশসমূহে বিপদৰ সময়ত এখনে আনখনক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু ইয়াৰ নেতৃত্ব লয় আমেৰিকাই। ছোভিয়েটেও মনে মনে বহি নাথাকিল। ১৯৫৫ চনত ছোভিয়েটৰ নেতৃত্বত কমিউনিষ্ট দেশসমূহ একত্ৰিত হয়। ফলত বিশ্বত আৰম্ভ হয় শীতল যুদ্ধৰ।
আনহাতে, ১৯৬২ চনত আৰম্ভ হয় কিউবা সংকট। ইয়াত নিজৰ নিজৰ এজেণ্ডা লৈ জঁপিয়াই পৰে দুয়ো পক্ষ। ফলত বৃদ্ধি পায় তৃতীয় বিশ্ব যুদ্ধৰ সম্ভাৱনা। পৃথিৱীবাসীৰ বাবে ভাল খবৰ যে পুনৰ এখন বিশ্বযুদ্ধ নহ’ল। কিউবা সংকট শাম কাটিল। কিন্তু ভিতৰি ভিতৰি উত্তেজনা চলি থাকিল।
বিভিন্ন কাৰণত কমিউনিষ্ট দেশসমূহৰ অৰ্থনীতি ভাগি কৰে। দেশসমূহৰ জনতা বিদ্ৰোহী হৈ উঠে। ছোভিয়েট সংঘও ভাগি যায় মিখাইল গৰ্ভাচেভৰ দিনত। আফগানিস্তান যুদ্ধয়েও ছোভিয়েটৰ অৰ্থনীতি ভাগি যোৱাত অৰিহণা যোগায়। এইখিনি সময়তে বাৰ্লিন ৱাল ভাঙি দিয়া হয়। লাহে লাহে পৃথিৱীৰ মানচিত্ৰ সলনি হ’বলৈ ধৰে।
এই ঘটনাসমূহত নাটোৰ ভূমিকা কেনে ধৰণৰ আছিল? নাটোৰ প্ৰথম সচিব প্ৰধান জেনেৰেল লিওৰ এটা মন্তব্যই দাঙি ধৰিব - এই ঘটনাবোৰত নাটোৰ ভূমিকা কি আছিল ? কিয় ৰুছ চৰকাৰে নাটোক বেয়া পায় ? জেনেৰেল লিওৰ মতে নাটোৰ লক্ষ্য হ’ল ছোভিয়েট সংঘক ভাঙি পেলোৱা। বিশ্বত আমেৰিকাৰ প্ৰভুত্ব বৰ্তাই ৰখা আৰু জাৰ্মানীক নিজৰ খোলাৰ ভিতৰতে আৱদ্ধ কৰি ৰখা। ছোভিয়েট সংঘৰ পতনৰ লগে লগে নাটোৰ লক্ষ্য পূৰণ হ’ল। কিন্তু নাটোক ভংগ কৰি নিদিলে আমেৰিকাই। নাটোৰ লক্ষ্য সলনি কৰি কোৱা হ’ল - নাটোৱে এতিয়া শান্তিৰ বাবে কাম কৰিব।
সময় বাগৰি গ’ল। আমেৰিকাৰ বুকুলৈ নামি আহিল অভিশাপ। ৯/১১ নামেৰে কুখ্যাত, এই অভিশাপত ধ্বংস হ’ল বিশ্ব বাণিজ্য কেন্দ্ৰৰ দ্বৈত টাৱাৰ। প্ৰাণ গ’ল ৩ হাজাৰৰো অধিক লোকৰ। আকৌ নাটো প্ৰাসংগিক হৈ পৰিল। লগে লগে নাটোৰ সেনা গ’ল আফগানিস্তানলৈ। প্ৰতিশোধ ল’বলৈ। পাকিস্তানত ওচামা বিন লাডেনক হত্যা কৰা হ’ল।
ছোভিয়েট সংঘ ভাঙি যোৱাৰ পাছত, ছোভিয়েটৰ পক্ষত থকা ১৪খন দেশে নাটোত যোগদান কৰে। এই ঘটনাই ৰুছক বিচলিত কৰে। গুৰুত্বপূৰ্ণ কথাটো হ’ল এই ১৪খন দেশৰ বহুকেইখনৰে সীমান্ত ৰাছিয়াৰ লগত সংলগ্ন। ই ৰাছিয়াৰ বাবে বিপদৰ কথা। কাৰণ নাটো মানেই আমেৰিকা।
এতিয়া ৰুছ-ইউেক্ৰইনৰ সংঘাতৰ কথালৈ অহা যাওক। ইউক্ৰেইন নাটোৰ সদস্য নহয়। কিন্তু সদস্য হ’বলৈ গৈ আছে। এই ক্ষেত্ৰত নাটো দেশ সমূহৰো সমৰ্থন আছে। সমস্যা হ’ল ইউক্ৰেইনৰ পশ্চিম ফালৰ দুই-তৃতীয়াংশ সীমা ৰাছিয়াৰ লগত সংলগ্ন। যদি ইউক্ৰেইন নাটোৰ সদস্য হয়, তেন্তে ৰাছিয়াৰ বিপদ বাঢ়িব। কাৰণ এই সীমান্ত অঞ্চল আমেৰিকাৰ হাতলৈ যাব। আমি আগতেই হৈ আহিছো-নাটো মানেই আমেৰিকা। ৰাছিয়াৰ আপত্তি এইখিনিতে। কোনোপধ্যে ইউক্ৰেইনক নাটোৰ সদস্য হ’বলৈ নিদিয়ে। দৰকাৰ হ’লে ৰাছিয়াই অস্ত্ৰ প্ৰয়োগ কৰিব। দুয়ো পক্ষই ইটোৱে সিটোক সকীয়নি প্ৰদান কৰিছে। আৰম্ভ হৈছে যুদ্ধৰ আখৰা। বিশ্বৰ শুভ বুদ্ধিসম্পন্ন লোকসকল চিন্তিত হৈ পৰিছে। কাৰণ ক’ভিডে ধ্বংস কৰি যোৱা বিশ্বৰ অৰ্থনীতিক, যুদ্ধ আৰম্ভ হ’লে আৰু অৱনমিত কৰিব। ফলত চাৰিওফালে বিলাই-বিপত্তি বাঢ়ি যাব। সেয়ে সকলোৱে চাই আছে দুয়ো পক্ষৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব? কাৰণ ইয়ে নিৰ্ধাৰণ কৰিব বিশ্বৰ ভৱিষ্যত্। ধন্যবাদ।
Comments
Post a Comment