মহাবীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী আৰু মনিৰাম দেৱানৰ ফাঁচীৰ ১৬৪ বছৰ
২৫ ফেব্ৰুৱাৰীত অসমবাসীৰ বাবে ভাল খবৰ কঢ়িয়াই আনিলে দেশৰ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে। অসমৰ মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰে মাননীয় ৰাষ্ট্রপতিজনে। অসমবাসীক যুগে যুগে আলোড়িত আৰু প্ৰেৰণা যোগাই আহিছে লাচিত বৰফুকনৰ বীৰত্বই। প্ৰৱল পৰাক্ৰমী মোগলক পৰাস্ত কৰি অসমবাসীক ৰক্ষা কৰিছিল মহাবীৰজনাই। যোৰহাটৰ ঐতিহাসিক লাচিত বৰফুকনৰ মৈদাম প্ৰাংগণত ৫০ বিঘা ভূমিত লাচিত বৰফুকন মৈদাম উন্নয়ন প্ৰকল্পৰ শুভ উদ্বোধন কৰে ৰাষ্ট্রপতিজনে। এই মৈদামথলীত ৬০ ফুট উচ্চতাৰ এখন মঞ্চত লাচিত বৰফুকনৰ ১৫০ ফুট ওখ এটা ব্ৰঞ্জৰ মূৰ্তি স্থাপন কৰা হ’ব। আলোকসজ্জাৰে আলোকিত হৈ পৰিব মৈদামথলী। ইয়াৰ উপৰিও ঐতিহাসিক আলাবৈ ৰণৰ স্মাৰকো নিৰ্মাণ কৰিব চৰকাৰে। ইও এক ইতিবাচক খবৰ। আলাবৈ পাহাৰৰ শীৰ্ষত এটি মৈদাম নিৰ্মাণ কৰিব চৰকাৰে। ১০ হাজাৰ অসমীয়া সৈন্যৰ ত্যাগক যুগমীয়া কৰি ৰাখিবলৈ এখন ৩০ মিটাৰ উচ্চতাৰ হেংদাং, স্মাৰক হিচাপে স্থাপন কৰা হ’ব। পাহাৰৰ নামনিত এটা যাদুঘৰ, এটা বীথিকা, দৃশ্য-শ্ৰাব্য গেলাৰী, প্ৰদৰ্শনী ভৱনো থাকিব। এই কামখিনি হৈ উঠিলে বৰ ডাঙৰ কাম এটা হৈ উঠিব। নৱপ্ৰজন্মই অসমৰ ইতিহাস, অসমৰ গৌৰৱ গাথাঁক জানিব পাৰিব। অসমীয়া হিচাবে বিশ্বৰ আগত মূৰ তুলি থিয় হ’ব পাৰিব। এই পদক্ষেপৰ বাবে চৰকাৰক নিশ্চয়কৈ ধন্যবাদ জনাব লাগিব।
মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ সময়তে আমাৰ মনলৈ আহিছে আন এজন সুযোগ্য অসম সন্তান মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱাৰ নাম। কাৰণ আজি ২৬ ফেব্ৰুৱাৰী । ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীতে ব্ৰিটিছ চৰকাৰে অতি নিষ্ঠুৰভাৱে ফাঁচিকাঠত ওলোমাইছিল মণিৰাম দেৱান আৰু পিয়লী বৰুৱাক। যোৰহাটৰ টোকোলাই নৈৰ পাৰত, পুৱা ৮ বজাতে অতি গোপনে ফাঁচি দিছিল ব্ৰিটিছে। অতি নৃশংসভাৱে ব্ৰিটিছে দুয়োজনকে ফাঁচি দিয়াৰ পাছতো, নিশা ৮ বজালৈকে ওলোমাই ৰাখিছিল। অসমৰ স্বাধীনতাৰ বাবে প্ৰাণ ত্যাগ কৰা মণিৰাম দেৱান আৰু পিয়লী বৰুৱাৰ কথাও নৱপ্ৰজন্মক মনত পেলাই দিয়া ভাল। দুয়োজন শ্বহীদক ফাঁচি দিয়াৰ আজি ১৬৪ বছৰ হ’ল।
মণিৰাম দেৱানৰ সোঁহাত আছিল পিয়লী বৰুৱা। পিয়লী বৰুৱাৰ আচল নাম আছিল মহেশ চন্দ্ৰ শৰ্মা। তেওঁৰ আন এটা নাম আছিল গাভৰুমেলীয়া। কিন্তু তেওঁ বিখ্যাত হৈছিল পিয়লী বৰুৱা নামেৰে। পিয়লী নামৰ আৰু দুজন লোক অসম বিখ্যাত। এজন বদন বৰফুকনৰ দ্বিতীয় পুত্ৰ চাকোলা পিয়লী ফুকন। আনজন হ’ল পিয়লী বৰগোহাঁই। এওঁলোক দুজনৰ এজনক ব্ৰিটিছে ফাঁচি দিছিল আৰু আনজনক অজ্ঞাতবাসলৈ নিৰ্বাসিত কৰিছিল।
লাচিত বৰফুকনে উৰুৱাই থৈ যোৱা জয়ৰ ধ্বজা, মানৰ আক্ৰমণত তচনচ হৈ পৰিছিল। ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হোৱা ইয়াণ্ডাবু সন্ধিৰ ফলত অসম ইংৰাজৰ অধীনলৈ গৈছিল। দেশৰ হেৰুওৱা গৌৰৱ উদ্ধাৰৰ বাবে মণিৰাম দেৱান, পিয়লী বৰুৱা, পিয়লী ফুকন, পিয়লী বৰগোহাঁই ওলাই আহিছিল ৰাইজক লৈ। কিন্তু কঠোৰ হাতেৰে ব্ৰিটিছে এই বিদ্ৰোহ দমন কৰিছিল। ইয়াৰ পাছতো অসম ৰৈ যোৱা নাছিল। পাছত দেশৰ স্বাধীনতা সংগ্ৰামত দলে-বলে ৰাইজ ওলাই আহিছিল ব্ৰিটিছৰ বিৰুদ্ধে। লাচিত বৰফুকন, চিলাৰায়ৰ বীৰত্বই যেনেকৈ স্বাধীনতা সেনানী সকলক প্ৰেৰণা যোগাইছিল, স্বাধীনতা সেনানী সকলেও আমাক আজি প্ৰেৰণা যোগায়।
দেশৰ এই সুযোগ্য, দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰসকলক আমি প্ৰণাম জনাইছো। যুগে যুগে তেওঁলোকে অসমবাসীক প্ৰেৰণা যোগাই থাকিব।
Comments
Post a Comment