ৰুচ-ইউক্ৰেন যুদ্ধ আৰু বিশ্ব নেতৃত্বৰ নিৰৱতা। যুদ্ধবাজ নেতা আৰু বিশ্ব জনগণৰ দায়িত্ব ।
এখন সাৰ্বভৌম দেশৰ ওপৰত আক্ৰমণ কৰা হ’ল। বিশ্বৰ অগণন দেশে বিব্ৰত হৈ চাই থাকিল। সকলো দেশে নিজৰ নিজৰ স্বাৰ্থৰ হিচাপ-নিকাচ আৰম্ভ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। NATO দেশসমূহে প্ৰত্যাশিতভাৱেই ৰুছে কৰা আক্ৰমণৰ বিৰোধিতা কৰিছে। কাৰণ ৰুছে তেওঁলোকৰ স্বাৰ্থত আঘাত হানিছে। বাকী দেশসমূহে নিম্ন স্বৰত গৰিহণা দিছে যদিও নিজৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিছে। খোলাখুলিকৈ মহাশক্তি চীনে ৰাছিয়াৰ পক্ষ লৈছে। বিশ্বৰ দেশসমূহৰ বিব্ৰত অৱস্থাই ইউক্ৰেইনৰ নাগৰিকলৈ কঢ়িয়াই আনিছে সীমাহীন দুখ-যাতনা।
পশ্চিমীয়া দেশসমূহক অত্যধিক বিশ্বাস কৰাৰ ফল ভুগিছে ইউক্ৰেইনৰ ৰাষ্ট্রপতি জেলেনস্কিয়ে। বিশেষকৈ আমেৰিকাৰ আধিপত্যবাদক আদৰণি জনাইছিল জেলেনস্কিয়ে। কিন্তু ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনো এজন আধিপত্যবাদী ৰাষ্ট্রনেতা। পুৰণা ছোভিয়েট ৰাছিয়াক পুনৰ জীৱিত কৰিব বিচাৰে পুটিনে। ইয়াৰ আগত ক্ৰিমিয়া আৰু জৰ্জিয়াত হোৱা আক্ৰমণৰ কথা পাহৰি গ’ল জেলেনস্কিয়ে। দুয়োখন সাৰ্বভৌম দেশৰ কঁকাল ভাঙি থৈছে আধিপত্যবাদী পুটিনৰ ৰাছিয়াই।
ৰাছিয়া, চীন, আমেৰিকা আদি বৃহত্ শক্তিৰ ওচৰত ৰাষ্ট্রসংঘৰ অৱস্থা অতি পুতৌজনক হৈ পৰে। এইবাৰো ৰাষ্ট্রসংঘৰ ভূমিকা অত্যন্ত হতাশাজনক। বিভিন্ন আবেদন-নিবেদন, বিভিন্ন প্ৰতিবন্ধকতা, যুদ্ধৰ বিৰুদ্ধে লোৱা প্ৰস্তাৱেও ৰাষ্ট্রপতি পুটিনক নিজৰ সিদ্ধান্তৰ পৰা আঁতৰাই পঠিয়াব নোৱাৰিলে। আকোৰগোজ পুটিনে ইউক্ৰেইন আক্ৰমণ কৰিলে। যদিও ৰাছিয়াই কৈছে - আক্ৰমণ কেৱল সৈন্য বাহিনীৰ ওপৰতহে কৰা হ’ব। কিন্তু আমি সকলোৱে জানো যুদ্ধৰ ভয়াৱহ প্ৰভাৱ জনসাধাৰণৰ ওপৰতহে পৰে।
বিশ্বৰ চৌদিশে যুদ্ধবাজ নেতা কিছুমানে শাসনভাৰ লৈছে। তেওঁলোকৰ মুখ্য উদ্দেশ্য হ’ল - নিজৰ গাদীখন সুৰক্ষিত কৰি ৰখা। দেশ বা জনসাধাৰণ তেওঁলোকৰ বাবে গৌণ। অস্ত্ৰৰ বৃহত্ বজাৰখনে নিয়ন্ত্ৰণ কৰিবলৈ লৈছে বিশ্বৰ ৰাজনীতি। ফলত বিশ্ব জনতা বাৰে বাৰে প্ৰতাৰিত হৈছে। দুখ-যাতনা বৃদ্ধি পাইছে জনগণৰ। যুদ্ধৰ পৰৱৰ্তী পৰ্যায়ত এনে এটা দিন আহিব যেতিয়া আক্ৰমণকাৰী পুটিনক বিশ্বৰ আন দেশসমুহে বীৰৰ দৰে আদৰিব । বিশ্ব অৰ্থনীতিৰ বৃহত্ অংশ ৰাছিয়া আৰু চীনে নিয়ন্ত্ৰণ কৰে। গতিকে বিশ্ব নেতাসকলে প্ৰত্যক্ষভাৱে ৰাছিয়াক ধমক দিব পৰা নাই। কেৱল গৰিহণা দিয়ে নিজৰ দায়িত্ব সামৰিছে।
ৰাছিয়া টুডেৰ খবৰ মতে, ইউক্ৰেইনৰ সেনা পিছ হুহুকিছে। ইউক্ৰেইনে দাবী কৰিছে তেওঁলোকে প্ৰত্যাক্ৰমণ কৰি ৰাছিয়াক বিব্ৰত কৰিছে। দেশ দুখনৰ দাবীসমূহ একাষৰীয়া কৰি থ’লে আমি দেখিম - ইউক্ৰেইনৰ সাধাৰণ ৰাইজৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে। যুদ্ধত বিধ্বস্ত হৈ পৰা ৰাইজৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনীয়ে দেখা দিছে। কিন্তু বিশ্বৰ নেতাগণে এই ক্ষেত্ৰত নিৰৱতা অৱলম্বন কৰিছে।
ৰাছিয়া-ইউক্ৰেনৰ যুদ্ধৰ ফলত বজাৰ অৰ্থনীতিলৈ ছুনামি নামি আহিছে। ৰাছিয়াৰ নিজৰ শ্বেয়াৰ বজাৰৰ সূচ্যাংক ৪৫ শতাংশ নিম্নগামী হৈছে। বাকী দেশসমূহৰ অৱস্থাও শোচনীয়। ডলাৰৰ তুলনাত ৰুবলৰ মূল্য দ্ৰুত গতিত কমি গৈছে। ৰাছিয়াৰ জনগণক সংকটলৈ ঠেলি দিও পুটিনে যুদ্ধ অব্য়াগত ৰাখিছে । বিশ্বৰ অন্যান্য দেশতো ইয়াৰ প্ৰভাৱ পৰিছে। ভাৰতৰ শ্বেয়াৰ বজাৰ নিম্নগামী হৈছে। তাতকৈ ডাঙৰ কথা যুদ্ধৰ ফলত খাৰুবা তেলৰ মূল্যবৃদ্ধি হৈছে। ভাৰতৰ বৃহত্ সংখ্যক খেতিয়ক আৰু মধ্যবিত্ত খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীল। আন্তঃৰাষ্ট্রীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি হৈ প্ৰতি বেৰলত ১০০ ডলাৰৰ ওপৰ হৈছেগৈ। ইয়ে ভাৰতীয় নাগৰিকৰ ওপৰত পোনপটীয়া প্ৰভাৱ পেলাব। কৃষক আৰু মধ্যবিত্তৰ অৰ্থনীতি ভাঙি পেলাব। এই অৱস্থা কম-বেছি পৰিমাণে সকলো দেশতে হ’ব। কিন্তু বিশ্ব নেতৃবৰ্গই নিজৰ নিজৰ স্বাৰ্থত নিৰাপদ দূৰত্বৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিয়ে দায়িত্ব সামৰিছে।
কেৱল কূটনৈতিক প্ৰয়াসে এই যুদ্ধৰ সামৰণি পেলাব পাৰিবনে ? যুদ্ধবাজ ৰাষ্ট্রপতি পুটিনক কূটনীতিয়ে টলাব পাৰিবনে ? পুটিনৰ ওপৰত চাপ সৃষ্টি কৰিব পাৰিবনে ? চীনৰ সমৰ্থনে পুটিনক বেপেৰোৱা কৰি তুলিছে। এই দুই মহাশক্তিক বিশ্বৰ নেতাসকলে কেনেকৈ সৈমান কৰাব ? এইক্ষেত্ৰত বিশ্বৰ জনগণৰ দায়িত্ব বৃদ্ধি পাইছে। যুদ্ধবাজ নেতাসকলক শাসনৰ পৰা আঁতৰোৱাৰ দায়িত্ব জনগণৰ। নহ’লে বাৰে বাৰে জনগণৰ জীৱন বিধ্বস্ত হ’ব। সামাজিক-সাংস্কৃতিক জীৱন শোচনীয় হৈ পৰিব। জনগণে বুজি পাব লাগিব যুদ্ধবাজ নেতাই জনগণৰ দুখ-দুৰ্দশা বঢ়াই তোলে। সমৃদ্ধি নানে। পাঁচ হাজাৰ কিলো মিটাৰ দূৰৰ পৰা আমি আশা কৰিম - যুদ্ধ শেষ হওক। জনগণৰ দুখ-দুৰ্দশা নোহোৱা হওক। যুদ্ধবাজ নেতাবোৰ নিপাত যাওক।
Comments
Post a Comment