ইউক্ৰেন-ৰুচ যুদ্ধ আৰু ভাৰত

বিশ্ব সম্প্ৰদায়ৰ শত আহ্বান সত্বেও ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিলে৷ পূব ইউৰোপৰ অস্থিৰতাই ইতিমধ্যেই ভাৰতত জোকাৰণি তুলিছিল৷ মঙলবাৰেই বিশ্বব্যাপী শ্বেয়াৰ বজাৰত উঠা খলকনি আহি আমাৰ দেশ পাইছিলহি৷ দিনটোৰ শেষত ছেনছেক্সৰ খহনীয়াই তাকেই প্ৰতিপন্ন কৰিছিল৷ বৃহস্পতিবাৰে ছেনছেক্সৰ খহনীয়া আৰু ব্যাপক হৈ দেখা দিছে৷ ৰাছিয়াৰ আক্ৰমনৰ পাছত দুপৰীয়া ১ বজালৈকে সূচ্যাংক প্ৰায় ২ হাজাৰ অৱনমিত হৈছে৷ সিমানেই নহয়, আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিৰো ভাৰতত প্ৰভাৱ অৱধাৰিত হৈ দেখা দিছে৷ ইয়াৰ পাছতো লক্ষণীয় কথাটো হৈছে পূব ইউৰোপৰ পৰিস্থিতি সন্দৰ্ভত ভাৰতৰ স্থিতি৷ ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে আগ্ৰাসী স্থিতি লোৱাৰ পাছতো ভাৰতে নিৰপেক্ষ অৱস্থান গ্ৰহণ কৰিছে৷ বিশ্ব সম্প্ৰদায়ে যুদ্ধবাজ পুটিনক সমালোচনা কৰিলেও, ভাৰতে এতিয়াও কোনো কঠোৰ মন্তব্য প্ৰকাশ কৰা নাই৷ বৰঞ্চ শান্তি আলোচনাৰ পথ যে এতিয়াও বন্ধ হোৱা নাই তেনে মন্তব্যই প্ৰকাশ কৰি আছে৷ আনকি ৰাছিয়াৰ বোমাবৰ্ষণৰ পাছতো ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ প্ৰতিনিধি তিৰুমূৰ্তীয়ে পৰিস্থিতি সন্দৰ্ভত দেশৰ উদ্বেগ প্ৰকাশ কৰি পৰিস্থিতি শাম কটোৱাতহে গুৰুত্ব আৰোপ কৰিছে৷ ভাৰতৰ এনে সাৱধানী মন্তব্যই বিশ্বৰ অনেক দেশক অসন্তুষ্টহে কৰিছে৷
ভাৰতৰ বাবে ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাত দ্বিধা-সংকোচৰ অনেক কাৰণ আছে৷ একালৰ ৱাৰশ্চ’ চুক্তিভুক্ত ৰাছিয়াৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া কৃটনৈতিক সম্পৰ্কৰ কথা সকলোৰে অৱগত৷ এপিনে নাটো আৰু আনপিনে ৱাৰ্শ্চ’ চুক্তিভুক্ত দেশসমূহৰ মাজত ভাৰতে গোষ্ঠী নিৰপেক্ষ আন্দোলনত অগ্ৰণী ভূমিকা লৈছিল যদিও ৰাছিয়াৰ সৈতে অৰ্থনৈতিক, সাংস্কৃতিক, কূটনৈতিক সম্পৰ্ক অব্যাহত আছিল৷ ছোভিয়েতৰ পতন আৰু পূব ইউৰোপত কমিউনিজম অন্তৰ্হিত হোৱাৰ পাছত বিশ্বজুৰি সমীকৰণ সলনি হ’ল—ভাৰতৰ বিশ্বায়নৰ নীতিয়ে আমেৰিকাৰ সৈতে নতুন দিল্লীৰ সম্পৰ্কও নিকট কৰিলে৷ সেই লৈ ৰাছিয়াৰ সৈতে পূৰ্বৰ সম্পৰ্কত যতি পৰা নাছিল৷ বৰঞ্চ ভাৰতৰ সৈতে বিশেষ সম্পৰ্ক অব্যাহত ৰখাৰ ক্ষেত্ৰত ছোভিয়েতৰ পতনৰ পাছতো ৰাছিয়াই গুৰুত্ব আৰোপ কৰি আহিছে৷ ২০২৫ বৰ্ষৰ ভিতৰত ৩০ বিলিয়ন ডলাৰৰ দ্বিপাক্ষিক বাণিজ্যত উপনীত হোৱাৰ লক্ষ্যেৰে দুয়ো ৰাষ্ট্র আগবাঢিছে৷ দুয়ো দেশৰ মাজত সম্পাদিত হৈছে মুক্ত বাণিজ্যৰো বুজাবুজি৷ চীনৰ সৈতে হ’ব পৰা কূটনৈতিক তিক্ততা সত্বেও কাশ্মীৰৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিক ৰাছিয়াই সমৰ্থন জনাইছে৷ ভাৰতে মত প্ৰকাশ কৰিছে যে বিশ্ব-সম্পৰ্ক বা কূটনৈতিক সম্পৰ্ক এনেধৰণৰ কথাৰ ওপৰত নিৰ্ভৰ নকৰে৷ অৰ্থাৎ ভাৰতক কাশ্মীৰৰ ক্ষেত্ৰত সমৰ্থন দিয়াৰ বাবেই ভাৰতে আন দেশৰ যিকোনো কাম নিৰ্বিবাদে মানি নলয়৷ তাতে কাশ্মীৰক কেন্দ্ৰ কৰি ভাৰতৰ স্থিতি হৈছে ভাৰতৰ অধিকাৰজনিত৷ এই স্থিতিৰ ক্ষেত্ৰত ভাৰতক বিবেকবান ৰাষ্ট্রই সমৰ্থন দিবই৷ সেয়েহে কোনো ৰাষ্ট্রই কাশ্মীৰক লৈ ভাৰতৰ সৈতে দাম-দৰ কৰাটো নতুন দিল্লীয়ে মানি ল’ব নোৱাৰে৷
সেয়া যি কি নহওক, ৰাছিয়াৰ ক্ষেত্ৰত নতুন দিল্লীৰ সাম্প্ৰতিক নিৰপেক্ষ স্থিতি কিমান দিনলৈ অব্যাহত থাকিব ই এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ উঠিছে৷ ভাৰতীয় অৰ্থনীতি বিশ্ব বজাৰ নিৰ্ভৰশীল হৈ পৰাৰ সময়ত, বিদেশী বিনিয়োগৰ ক্ষেত্ৰত গুৰুত্ব বৃদ্ধি হোৱাৰ পৰত ভাৰতৰ পক্ষে ৰাছিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে কূটনৈতিক নিৰপেক্ষতা হয়তো বৰ বেছি দিন সম্ভৱ নহ’ব৷ সকলো দেশেই পুটিনৰ কূটনীতিৰ পাকচক্ৰত বিভ্ৰান্ত হৈছে৷ বিশেষকৈ ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধৰ পথ লোৱাৰ পূৰ্বেই এটাও গুলী খৰচ নকৰাকৈ ৰাছিয়াই ইউক্ৰেইন ভাঙি দিয়াৰ ক্ষেত্ৰত লোৱা কৌশলত সকলো হতভম্ব৷ তাৰ পাছতো ভাৰতে নিৰপেক্ষতা অৱলম্বনৰ পথ লৈছে৷ অনেক দেশৰ অভিমত, ভাৰতৰ কৌশলী অৱস্থানে আওপকীয়াকৈ ৰাছিয়াৰ স্থিতিকেই সমৰ্থন কৰিছে৷ ইতিমধ্যে আমেৰিকা, ইউৰোপীয় সংস্থাকে ধৰি বিভিন্ন দেশে ৰাছিয়াৰ বিৰুদ্ধে ভালেমান নিষেধাজ্ঞা জাৰী কৰিছে৷ এই কথাবোৰ যুদ্ধ সংঘটিত হোৱাৰ পাছতো ৰাছিয়াৰ বিৰোধিতা নকৰাসকলৰ বাবেও সকীয়নীস্বৰূপ হ’ব পাৰে৷ 
আৰু সেইবাবেই ভাৰতে হয়তো নিজৰ স্থিতি পুনৰ বিচাৰ কৰিবলগীয়া হ’ব৷ তদুপৰি ৰাছিয়াই যিদৰে ইউক্ৰেইনৰ ভিতৰুৱা দুটাকৈ অঞ্চল স্বাধীন বুলি ঘোষণা কৰি দেশখন আক্ৰমন কৰিলে, সেই একে পথ ভাৰতৰ কোনো অঞ্চলক লৈ আন কোনো ৰাষ্ট্রই ল’লে নতুন দিল্লীয়ে কি কৰিব? ৰাছিয়াৰ শেহতীয়া কাৰ্যই ভাৰতেই নহয়, আন বহু ৰাষ্ট্রৰ সন্মুখত এনে কিছু প্ৰশ্ন থিয় কৰাইছে৷ তাতে আকৌ প্ৰতিৱেশী চীনে অৰুণাচলৰ পৰা লাডাখলৈ ভাৰতৰ বিভিন্ন অঞ্চলত ৰাখিছে লোলুপ দৃষ্টি৷ এনেবোৰ প্ৰেক্ষাপটত ভাৰতে কি স্থিতি লয় তাৰ প্ৰতি বিশ্বৰ বিভিন্ন ৰাষ্ট্রই চকু ৰাখিছে৷ নতুন স্থিতি যিয়েই নহওক, ভাৰতৰ বিভিন্ন ক্ষেত্ৰকেই যে ই জোকাৰি যাব, সেয়া ধুৰূপ৷

Comments