Writing with Fire Documentary Film
অসমৰ বাতৰি কাকত আৰু ইলেক্ট্ৰ’নিক মিডিয়াত এইকেইদিন চলি আছে হিজাব আৰু আনন্দ মিশ্ৰৰ বিতৰ্ক। ৰাষ্ট্রীয় চেনেল তথা কাকতসমূহ ব্যস্ত উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ নিৰ্বাচনক লৈ। ইয়াৰ মাজতে ভাৰতীয় চিনেমা জগতলৈ আহিছে এটা ভাল খবৰ। এখন তথ্যচিত্ৰই পাইছে অস্কাৰৰ মূল প্ৰতিযোগিতাত মনোনয়ন। অস্কাৰৰ তথ্যচিত্ৰ শিতানৰ মূল প্ৰতিযোগিতাত স্থান লাভ কৰিছে writing with fire নামৰ তথ্যচিত্ৰখনে। একাডেমী পুৰস্কাৰৰ মূল প্ৰতিযোগিতাত স্থান লাভ কৰা writing with fire-য়ে প্ৰথম ভাৰতীয় তথ্যচিত্ৰ। যিখনে মূল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। দ্য ৱাছিংটন পোষ্টৰ মতে, writing with fire হৈছে সাংবাদিকতাৰ ক্ষেত্ৰখনক প্ৰেৰণা যোগাব পৰা এখন চিনেমা। দ্য নিউয়ৰ্ক টাইমছেও তথ্যচিত্ৰখনক উচ্চ প্ৰশংসা কৰিছে। ৰিণ্টু থমাছ আৰু সুস্মিত ঘোষৰ দ্বাৰা পৰিচালিত তথ্যচিত্ৰখন কেইগৰাকীমান মহিলা সাংবাদিকৰ কৰ্মৰ ওপৰত আধাৰিত। কেইগৰাকীমান দলিত মহিলাই উলিওৱা বাতৰি কাকত ‘খবৰ লহৰিয়া কে উদয়’ৰ সংগ্ৰামপূৰ্ণ কাহিনীক দাঙি ধৰা হৈছে writing with fireত। খবৰ লহৰিয়া দলিত মহিলাৰ দ্বাৰা প্ৰকাশিত একমাত্ৰ ভাৰতীয় বাতৰি কাকত। তথ্যচিত্ৰখনত আকৰ্ষণীয়ভাৱে খবৰ লহৰিয়াৰ ইতিহাসক বৰ্ণনা কৰা হৈছে। কাকতখনে প্ৰিণ্টৰ পৰা, সময়ৰ লগত খোজ মিলাই ডিজিটেল মাধ্যমত প্ৰৱেশ কৰিছে । মহিলা সাংবাদিকসকলৰ সংগ্ৰামক writing with fireত সুন্দৰভাৱে তুলি ধৰা হৈছে। চিনে সমালোকসকলেও তথ্যচিত্ৰখনৰ প্ৰশংসা কৰিছে। বিশ্বৰ বহুকেইটা চিনেমা মহোৎসৱত বঁটা পোৱাৰ পাছত writing with fire-এ একাডেমীৰ চূড়ান্ত প্ৰতিযোগিতাত স্থান লাভ কৰিছে। ই নিঃসন্দেহে ভাৰতীয় চিনেমা জগতৰ বাবে ভাল খবৰ। বিহাৰৰ সীতামাৰী আৰু উত্তৰপ্ৰদেশৰ বান্দা জিলাত বাস কৰা দলিত মহিলাসকলে ‘খবৰ লহৰিয়া কে উদয়’ত কাম কৰে। এই কাকতখনে ভাৰতীয় মহিলাসকলৰ সেই অংশটোক প্ৰতিনিধিত্ব কৰে, যিটো অংশক সাধাৰণতে হীন চকুৰে চোৱা হয়। সমাজে দলিত সকলৰ সমস্যাৰাজিক বিশেষ গুৰুত্ব নিদিয়ে। কেৱল নিৰ্বাচনৰ সময়ত দলিতসকলক মনত পেলোৱা হয় ভোটৰ সংখ্যা বৃদ্ধিৰ বাবে। দলিতসকলৰ অৰ্থনৈতিক অৱস্থা, সাংস্কৃতিক সম্পদৰাজিক কোনেও জনমানসত তুলি নধৰে বলিষ্ঠভাৱে। মহিলাসকলৰ অৱস্থা আৰু শোচনীয়। অশিক্ষা, অপুষ্টি, লেথেৰি নিচিগাকৈ সন্তান জন্ম দিয়া আদিয়ে মহিলাসকলৰ শাৰীৰিক-মানসিক সমস্যাক আৰু জটিল কৰি তোলে। এনে এখন সমাজৰ পৰা এখন বাতৰি কাকত উলিওৱা, উলিয়াই চলাই থকাতো মুখৰ কথা নহয়। কাকত চলি থাকিবলৈ বিজ্ঞাপনো লাগিব। তাৰোপৰি বিতৰণৰ সমস্যা আছেই। এই সকলো বাধাক নেওচি মহিলাসকল সাহসেৰে ওলাই আহে বাতৰি কাকত প্ৰকাশ কৰিবলৈ। কেৱল প্ৰকাশ কৰাই নহয়, মহিলাসকলে কাকতখনক প্ৰিণ্টৰ পৰা ডিজিটেল মাধ্যমলৈ উন্নতো কৰে। এই অনুপ্ৰেৰণামূলক কাহিনীক লৈয়ে নিৰ্মাণ হৈছে writing with fire। তথ্যচিত্ৰখনত মীৰা নামৰ চৰিত্ৰটোৰ জৰিয়তে কাহিনীক আগুৱাই নিয়া হৈছে। যিগৰাকীয়ে সমাজৰ মূল সমস্যাসমূহক বাতৰিৰ জৰিয়তে সমাজৰ আগলৈ উলিয়াই আনে। এটা মোবাইল ফোনে কিমান ইতিবাচক কাম কৰিব পাৰে, সেই কথা writing with fire নাচালে অনুভৱ কৰিব নোৱাৰি।
মূল সুঁতিৰ বাতৰিৰ কেন্দ্ৰসমূহে বা বহুক্ষেত্ৰত সামাজিক মাধ্যমসমূহে, বৰ্তমান সময়ত সমাজৰ মুখ্য সমস্যাসমূহ তুলি ধৰাত ব্যৰ্থ হৈছে। এই ক্ষেত্ৰত খবৰ লহৰিয়া কে উদয়ৰ ব্যতিক্ৰমী খবৰবোৰ সকলোৰে চকুত পৰিবলৈ আৰম্ভ কৰে। লগে লগে লাইম লাইটলৈ আহে মহিলা সাংবাদিকসকল। বৰ্তমানৰ বাতৰিয়ে আমাৰ মন মগজু ৰোগাক্ৰান্ত কৰি থকা সময়ত খবৰ লহৰিয়াৰ মীৰাৰ দৰে সাংবাদিকে আশাৰ বতৰা কঢ়িয়াই আনিছে। কাহিনীচিত্ৰ শিতানৰ মূল প্ৰতিযোগিতাৰ পৰা ভাৰতীয় বহু চৰ্চিত চিনেমা ‘জয় ভীম’ বাহিৰ হৈছে। কিন্তু আশাৰ বতৰা কঢ়িয়াই আনিছে writing with fire-এ। আমাৰ যদি ভাগ্য ভাল হয়, তেন্তে অহা ২৭ মাৰ্চত লছ এঞ্জেলছৰ ডলভী থিয়েটাৰত ৰিণ্টু থমাছ আৰু সুস্মিত ঘোষৰ নাম উচ্চাৰিত হ’ব। ‘ব্লেক টিকেত ফ্লিমছ’ৰ বেনাৰত নিৰ্মিত তথ্যচিত্ৰখনে একাডেমীৰ পুৰস্কাৰ আজুৰি আনিব পাৰিলে ভাৰতীয় চিনেমাৰ ইতিহাসত নতুন দিগন্তৰ উদয় হব । বিশ্বৰ ১৩৮ চন তথ্যচিত্ৰৰ মাজৰ পৰা বিচাৰকে নিৰ্বাচিত কৰি পাঁচখন তথ্যচিত্ৰক মূল প্ৰতিযোগিতালৈ প্ৰেৰণ কৰিছে। মূল প্ৰতিযোগিতাত স্থান লাভ কৰাটোৱে ডাঙৰ কথা। যদি পুৰস্কাৰ লাভ কৰিবলৈ সময় হয়, তেন্তে ভাৰতীয় প্ৰযোজক-পৰিচালকৰ দ্বাৰা, ভাৰততে নিৰ্মিত এইখনেই হ’ব অস্কাৰলৈ যোৱা প্ৰথম চিনেমা। এতিয়া আমি অপেক্ষা কৰিম ২৭ মাৰ্চলৈ। ভাল খবৰটো পাবলৈ। writing with fireৰ ইউনিটলৈ আমি জনাইছো শুভকামনা।
It's an inspiring cinema
ReplyDelete