জেলেনস্কি কোন হয় ? কমেডিয়ানৰ পৰা ৰাস্ট্ৰপতিয়ে

সম্প্ৰতি বিশ্বত আটাইতকৈ বেছি চৰ্চিত হৈ থকা দুটা নাম হ’ল পুটিন আৰু জেলেনস্কি। এজন ৰাছিয়াৰ ৰাষ্ট্রপতি আৰু আনজন ইউক্ৰেইনৰ ৰাষ্ট্রপতি। ইয়াৰে পুটিন বিশ্বৰ ৰাজনীতিত আগৰে পৰা এটা চৰ্চিত নাম। ইউক্ৰেইনৰ কম বয়সীয়া ৰাষ্ট্রপতি জেলেনস্কি চৰ্চালৈ আহিছে যুদ্ধ আৰম্ভ হোৱাৰ পাছত।
         জেলেনস্কিৰ জন্ম হৈছিল সেই সময়ৰ ছোভিয়েট ৰাছিয়াত। ১৯৭৮ চনৰ ২৫ জানুৱাৰীত কিয়েভত। তেওঁৰ যেতিয়া বয়স চাৰি বছৰ হৈছিল, তেতিয়া তেওঁৰ পৰিয়ালটো প্ৰৱজন কৰে মংগোলীয়লৈ। তাতে জেলেনস্কিৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয়। কিয়েভৰ নেচনেল ইক’নমিক ইউনিভাৰ্চিটিৰ পৰা জেলেনস্কিয়ে স্নাতক ডিগ্ৰী লাভ কৰে ২০০০ চনত। 
          পঢ়ি থকা অৱস্থাতে জেলেনস্কি প্ৰেমত পৰে থিয়েটাৰৰ। ১৯৯৭ চনত তেওঁ গঠন কৰে এটা নাটকৰ গোট। তেওঁ বিশেষভাৱে কৰিছিল ৰাজনৈতিক চেতায়াৰ । ইয়াৰ পাছত তেওঁ ইউক্ৰেইন টেলিভিচনৰ KVN নামৰ কমেডী প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে। জেলেনস্কিয়ে গঠন কৰা নাটকৰ কোম্পানীটোৰ নাম আছিল ‘কৰ্বাট্ৰন ৯৫’। ২০১১ চনলৈকে কোম্পানীটোৰ কলা নিৰ্দেশক হিচাপে জেলেনস্কিয়ে কাম কৰিছিল। পাছত তেওঁ ইণ্টাৰ চিটি চেনেলত প্ৰযোজক হিচাপে যোগদান কৰে। 
         জেলেনস্কি আটাইতকৈ বেছি চৰ্চিত হয় কমেডী চিৰিজ ‘চাৰ্ভেণ্ট অব দ্যা পিপল’ত অভিনয় কৰি। এই কমেডী চিৰিজটোত তেওঁ এজন বিদ্যালয় শিক্ষকৰ ভাৱত অভিনয় কৰিছিল। এই কমেডী ছিৰিজটোতে চেতায়াৰৰ যোগেদি তেওঁ সামাজিক, অৰ্থনৈতিক দুৰ্নীতি, ৰাজনৈতিক ভণ্ডামীৰ বিৰুদ্ধে মাত মাতে। সাধাৰণজনৰ মাজত এই ব্যংগ ছিৰিজে সাংঘাটিক জনপ্ৰিয়তা অৰ্জন কৰে। যি জনপ্ৰিয়তাই জেলেনস্কিক ৰাষ্ট্রপতি নিৰ্বাচিত হোৱাত সহায় কৰে। আমোদজনকভাৱে জেলেনস্কিৰ ৰাজনৈতিক দলটোৰ নামো চাৰ্ভেণ্ট অব দ্যা পিপল’। ২০১৯ চনত, মাত্ৰ ৪৪ বছৰ বয়সত, জেলেনস্কি ইউক্ৰেইনৰ ৰাষ্ট্রপতি নিৰ্বাচিত হয়। 
         আন এটা আমোদজনক তথ্য হ’ল জেলেনস্কি ৰাজনীতিলৈ আহিছিল- ৰাজনৈতিক নেতা সকলৰ প্ৰতি ৰাইজৰ মনত সৃষ্টি হোৱা বিৰাগ আতৰাবলৈ। টেলিভিচনৰ ব্যংগ পৃথিৱীৰ পৰা ৰাজনৈতিক কুটিল জগতলৈ পোনে পোনে আহি জেলেনস্কিয়ে খাইছে খোজে প্ৰতি উজুটি।

Comments