ঘূণে ধৰা সমাজ
এই যে কিশোৰজনক মাৰিছে , অসহায় ভাবে কান্দিছে, হাতযোৰ কৰিছে , নামাৰিবলৈ কাতৰ ভাবে কৈছে - জানি আচৰিত হ'ব কিশোৰ জন মানুহৰ সন্তান নহয় । এজন আৰক্ষীয়ে কৈছে- ই সেই চোৰটোৰ পুতেক । গতিকে কিশোৰজনে মানুহৰ সন্মান পাবৰ যোগ্য নহয় । সেয়ে এবাৰো হাত নকঁপাকৈ আৰক্ষী জনে কোবাব পাৰিছে । এবাৰ ভাবকচোন আপোনাৰ ল'ৰাক কোনোবাই এনেদৰে কোবাইছে। ভাবিলেই গা শিয়ৰি নুঠেনে? এই আৰক্ষী জনৰো নিশ্চয় সন্তান আছে । আমাৰ শাসকসকলৰো আছে । কোনোবাই যদি এনেকৈ হাত তোলে ?
অভিযোগ উঠিছে কিশোৰ জনে বিস্কুট চুৰ কৰিছিল। আমাৰ সমাজৰ বাবে কিমান গৌৰৱৰ কথা । এনে এখন সমাজ আমি গঢ় দিছো যত ভোকত খাবলৈ কিশোৰ এজনে বিস্কুট চুৰ কৰিব লগা হয় । ইফালে আমি ৰাজ্য খন, দেশখন সুখেৰে উপচি পৰিছে বুলি প্ৰচাৰ চলাইছো। কিশোৰ জনক চুৰ কৰিবলৈ বাধ্য কৰা, এনেকৈ মাৰপিট কৰা সমাজখনে আকৌ সেইজন কিশোৰকে দোষী সজাব ।
সংবেদনশীলতা নোহোৱা হোৱা সমাজখনে বেলেগৰ পৰা সংবেদনশীলতা বিচাৰে। এজন নাবালকক কেনে ব্যৱহাৰ কৰিব লাগে সেয়া দায়িত্ব শীল বিষয়া এজনে নাজানে ? প্ৰতিটো ক্ষেত্ৰত নিজে বিচাৰক হ'ব বিচাৰে। নৈতিকতা হীন সমাজে এইবোৰক বাহ বাহ দি উৎসাহিত কৰে। যেতিয়া এই কিশোৰ বোৰ ডাঙৰ হৈ অপৰাধীত পৰিণত হয় তেতিয়া এইখন সমাজেই "দেশ ৰসাতলে গ'ল" বুলি ৰাউচি যোৰে।
বিচিত্ৰ আমাৰ মানুহ। বিচিত্ৰ আমাৰ সমাজ।
Comments
Post a Comment