চৰ্চাত Swift. ৰুচ-ইউক্ৰেন যুদ্ধত Swift ৰ ভূমিকা
ৰুছ-ইউক্ৰেইন যুদ্ধৰ মাজতে চৰ্চাত আছে SWIFT। বহুতে কৈ আছে ৰাছিয়াক SWIFT SYSTEM ৰ পৰা বাহিৰ কৰি দিব লাগে। ইতিমধ্যে ইউৰোপীয়ান ইউনিয়নে ৰাছিয়াৰ চেন্ট্রেল বেংকৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে। কিন্তু কি হয় SWIFT SYSTEM.
SWIFT হৈছে বিশ্বৰ বিভিন্ন দেশৰ মাজত বেংকৰ জৰিয়তে লেনদেন কৰা এক মাধ্যম। SWIFTত জড়িত হৈ আছে বিশ্বৰ প্ৰায় দুশখন দেশৰ বেংক। যাতে আন্তঃৰাষ্ট্রীয় স্তৰত বেংকসমূহে ধনৰ লেনদেন সূচাৰুৰূপে কৰিব পাৰে।
দ্বিতীয় মহাসমৰৰ পাছত বিশ্বৰ দেশসমূহে এনেকুৱা এখন প্লেটফৰ্মৰ সন্ধান আৰম্ভ কৰে, যাৰ জৰিয়তে আন্তঃৰাষ্ট্রীয় স্তৰত সুৰক্ষিতভাৱে ধনৰ লেনদেন কৰিব পাৰি। সেইসময়ত বিশ্বত প্ৰচলিত আছিল Telex নামৰ এক ব্যৱস্থা। Telex মানে Teleprinter Exchange। ই আছিল আধা কম্পিউটাৰ আৰু আধা ফেক্স মেচিনৰ সংমিশ্ৰণ। ধনৰ লেনদেন কৰিবলৈ হ’লে Telexৰ জৰিয়তে এটা Code পঠিয়াব লগা হৈছিল। কিন্তু অনুন্নত প্ৰযুক্তিৰ বাবে Telexত সূচাৰুৰূপে ধনৰ লেনদেন কৰিব পৰা নগৈছিল। প্ৰায়ে Code সমূহ ভুল হৈছিল আৰু সময়মতে Code সমূহ যোৱা নাছিল। তাৰোপৰি পদ্ধতিটো আছিল সাংঘাটিক লেহেমীয়া।
দ্বিতীয় মহাসমৰৰ পাছত বিশ্বৰ দেশবিলাকে উন্নত পদ্ধতি এটাৰ সন্ধান আৰম্ভ কৰে। ১৯৭৩ চনত বিশ্বৰ ২৩৯টা বেংক একগোট হৈ এই বিষয়ে আলোচনা কৰে। তেওঁলোক বিশ্বৰ এক উমৈহতীয়া, উন্নত প্ৰযুক্তিৰ এক প্লেটফৰ্মৰ পোষকতা কৰে। এই মাধ্যমটোৰ নামো তেওঁলোকে ঠিক কৰে- Society for World wide Interbank financial Telecommunication। ১৯৭৭ চনত SWIFTৰ কাম আৰম্ভ হয়। এইখিনিতে মনত ৰখা ভাল Swift কেৱল এটা মেছেজিং পদ্ধতিহে। কোনো ধৰণৰ বেংক নহয়। ই বিশ্বৰ বেংক সমূহৰ হৈ এক মাধ্যম হিচাপে কাম কৰে। কেৱল Codeৰ সহায়ত লেনদেনসমূহ সূচাৰুৰূপে সম্পন্ন কৰে। ইয়াৰ মুখ্য কাৰ্যালয় বেলজিয়ামৰ লা- হালপেত স্থাপন কৰা হয়।
১৯৭৭ চনত যেতিয়া SWIFT আৰম্ভ হয় তেতিয়া প্ৰায় ১৫০টা বেংক ইয়াৰ লগত জড়িত হৈছিল। কিন্তু এতিয়া বিশ্বৰ প্ৰায় এঘাৰ হাজাৰ বেংক আৰু বিত্তীয় প্ৰতিষ্ঠান ইয়াৰ লগত জড়িত হৈ পৰিছে। এই এঘাৰ হাজাৰ বেংক বিশ্বৰ দুশখন দেশৰ। Swiftত লেনদেন কৰিবলৈ হ’লে আঠটা ডিজিটৰ একোটা SWIFT Codeৰ দৰকাৰ হয়। ইয়াক Bank Identification Code বা BIC বুলি কোৱা হয়। বিশ্বৰ বেংক বিলাকৰ প্ৰত্যেকটোৰে বেলেগ বেলেগ Code থাকে। ইয়াক ভাগ কৰা থাকে পদ্ধতিগতভাৱে। প্ৰথম চাৰিটা সংখ্যা Bank Code, পিছৰ দুটা সংখ্যা দেশখনৰ Code, তাৰ পাছৰ দুটা লোকেচন Code আৰু শেষৰ চাৰিটা সংখ্যা Branch Code। ই আমাৰ বেংক বিলাকৰ IFSCৰ দৰে। এই Code বিলাকৰ সহায়ত SWIFT-এ বিশ্বৰ বেংক বিলাকৰ লেনদেন সূচাৰুৰূপে ৰূপায়ণ কৰে।
২০২১ চনৰ Swiftৰ লেনদেন যদি আমি চাওঁ, দেখিম যে এদিনতে ৪২ মিলিয়ন ডলাৰৰ লেনদেন হয়। প্ৰতি বছৰে ই বাঢ়িছে ১১.৪ শতাংশ হাৰত। আকৌ মনত ৰখা ভাল যে Swiftত টকাৰ কোনো ধৰণৰ লেনদেন নহয়। কেৱল মেছেজৰ জৰিয়তে এক মাধ্যম হিচাপেহে SWIFT-এ কাম কৰে। SWIFTৰ মুখ্য কাৰ্যালয়ত কোনোধৰণৰ ধন নাথাকে। কেৱল কম্পিউটাৰৰ জৰিয়তে কামবোৰ সম্পন্ন কৰা হয়। SWIFT যথেষ্ট সুৰক্ষিত আৰু পলকতে কৰা হয় লেনদেন।
SWIFT চলোৱা হয় ২৫ জন সদস্যৰ দ্বাৰা গঠিত এখন বৰ্ডৰ দ্বাৰা। ইয়াক চলাবলৈ ধনৰ যোগান ধৰে ৩,৫০০ টা বেংক আৰু ফাৰ্মে। বৰ্ডৰ সদস্যসকলক বিভিন্ন দেশৰ পৰা নিৰ্বাচিত কৰা হয়। কিন্তু SWIFTত আটাইতকৈ বেছি ধনৰ যোগান ধৰে G-10 চেন্ট্রেল বেংকে।
SWIFTৰ কাম-কাজ অধিক গতিসম্পন্ন কৰিবলৈ ২০১২ চনত গঠন কৰা হয় Swift Oversight Forum। এই Swift Oversight Forumৰ সদস্য হয় ৰাছিয়া, ভাৰত, চীন আদি।
SWIFTত লেনদেন হয় মূলত আমেৰিকান ডলাৰত। ইয়াক গঠন কৰাৰ সময়ত কোৱা হৈছিল SWIFT সদায় নিৰপেক্ষ হৈ থাকিব। কোনো ধৰণৰ ৰাজনৈতিক হস্তক্ষেপ ইয়াত নচলিব। এইখিনিতে এটা কিন্তু আহি পৰে। যিহেতু লেনদেনসমূহ আমেৰিকান ডলাৰত হয়, গতিকে আমেৰিকান বেংকৰ ওপৰত ই নিৰ্ভৰশীল হৈ পৰে। কাৰণ আমেৰিকান ডলাৰৰ লেনদেন নিউয়ৰ্কত হয়। ফলত আমেৰিকাৰ হাতত, লেনদেন বন্ধ কৰাৰ শক্তি থাকি যায়। এই শক্তিক আমেৰিকাই ৰাছিয়াৰ বিৰুদ্ধে প্ৰয়োগ কৰাৰ ভাবুকি দিছে।
২০১৪ চনত ক্ৰিমিয়াৰ সংকটৰ সময়ত এনে সম্ভাৱনা দেখা দিছিল। ২০১৮ চনত ইৰাণৰ বেংকসমূহক আমেৰিকাই এই শক্তিৰ প্ৰয়োগ কৰি লেনদেনৰ পৰা বাহিৰ কৰি দিছিল। ফলত খাৰুৱা তেলৰ লেনদেনত প্ৰভূত প্ৰভাৱ পৰিছিল।
২০১৪ চনৰ ঘটনাৰ পৰা ৰাছিয়াই শিক্ষা লৈছিল। তেওঁলোকে SWIFTৰ সমান্তৰালভাৱে আন এটা মাধ্যম গঢ়ি তোলে। ইয়াৰ নাম দিয়া হয় System for Transfer of Financial Messages বা চমুকৈ SPFS। ২০১৭ চনৰ ডিচেম্বৰৰ পৰা SPFSৰ কাম-কাজ আৰম্ভ হয়। SPFSৰ সদস্যৰ সৰহভাগেই ৰাছিয়াৰ সমৰ্থক।
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বাবে যদি SWIFTৰ পৰা ৰাছিয়াক বাদ দিয়া হয়, তেতিয়াও ৰাছিয়াৰ বিশেষ একো ক্ষতি নহয়। SPFSৰ সদস্য সংখ্যা কম হ’লেও, ৰাছিয়াৰ বাণিজ্য চলি থাকিব। গতিকে, ৰাষ্ট্রপতি পুটিনে ইউৰোপিয়ান ৰাষ্ট্রসমূহৰ ধমকিত হাৰ মনা নাই। SPFSএ পুটিনক সৱল কৰি তুলিছে।
Comments
Post a Comment