Posts

Showing posts from September, 2019

মহেন্দ্ৰ বৰঠাকুৰ

পাহৰিছো কিয় - পোন্ধৰ আচৰিতধৰণে মানুহজনক আমি পাহৰিলো। অথচ গুৱাহাটীৰ মাজমজিয়াত থকা ঘৰত এসময়ত বহিবলৈ মানুহে ঠাই নেপাইছিল। কাৰোবাক নাটক লাগে, কাৰোবাক চিত্ৰনাট্য। খীন মিন মানূহজনৰ খাবলৈ শুবলৈ সময় নাই। ভিৰ লাগি থকা ঘৰখন এতিয়া উদং। হয় মহেন্দ্ৰ বৰঠাকুৰদেবৰ কথা কৈছো। নাট্য সাহিত্যলৈ অমুল্য অবদান আগবঢ়োৱা বৰঠাকুৰ দেবৰ নাটকসমূহ ছপা কৰি উলিয়াব লাগে। চৰকাৰে এই কামটো কৰিলৈও তেঁওৰ প্ৰতি শ্ৰদ্ধা জনোৱা হব।

Altaf Mazid আলতাফ মজিদ

আলতাফ মজিদ দেবৰ নামত কিয় বঁটা লাগে ?    অসমৰ চুটি ছবি তথা তথ্যচিত্ৰ নিৰ্মানৰ ক্ষেত্ৰখনত বাটকটিয়া বুলি কলে তিনিজন মানুহৰ নাম মনলৈ আহে। শ্ৰদ্ধাৰ কমল নাৰায়ন চৌধুৰী, গৌৰী বৰ্মন আৰু কুলদা কুমাৰ ভট্ৰাচাৰ্যদেব । ইয়াৰ ভিতৰত আটাইতকৈ বেছি তথ্যচিত্ৰ নিৰ্মান কৰিছিল বৰ্মনদেবে।   কিন্তু কাহিনীগত চুটি ছবিৰ ক্ষেত্ৰখনক প্ৰায় অকলেই আগুৱাই নিছিল মজিদ ডাঙৰীয়াই। অসমত চুটি ছবিৰ ধাৰাটোক মূল সূতিৰ বহু নিৰ্মাতাই হীন চকুৰে চাইছিল। চুটি ছবিক এজন নিৰ্মাতাই ডাল পাত বুলিহে অভিহিত কৰিছিল। কিন্তু তেঁও পাহৰি গৈছিল(চিনেমাৰ ইতিহাস নজনাৰ ফল) " এৰাইভেল অব এ ট্ৰেইন এখন চুটি ছবিয়ে আছিল।    যিহ‌ওক এনে এটা প্ৰতিকুল পৰিবেশত আলতাফ মজিদে সাহসেৰে চুটি ছবি নিৰ্মান কৰিবলৈ আগবাঢ়ি আহিছিল। লগতে তেঁও অসমৰ চিনেমা সম্পৰ্কে দেশ-বিদেশৰ কাকতত লিখিবলৈ ধৰিলে। তেঁওৰ "জীৱন" ছবিখনে যেতিয়া পুৰস্কাৰ পালে তেতিয়াই তেঁও লাইম লাইটলৈ আহিল। ইয়াৰ পাছত তেঁও ইখনৰ পাছত সিখন চুটি ছবি নিৰ্মান কৰে, যিবোৰ ছবিয়ে দেশ বিদেশত প্ৰসংশা বুটলিবলৈ সক্ষম হয়। চুটি জীৱনকালত তেৰখনকৈ ছবি নিৰ্মান কৰা মজিদ দেবৰ নামত সেয়ে এটা বঁটা প্ৰদান কৰা উচিত। আৰ...

III Smoking Barrels

বিষয- III Smoking Barrels  একমাত্ৰ ত্ৰিশ জন মান মানুহ বিশাল প্ৰেক্ষাগৃহটোত । তাৰে একেবাৰে আগৰ ছয়জন মানে ইমান কিৰীলি মাৰে যে সংলাপ মাজে মাজে নুশুনা হৈ যাওঁ ।      চিনেমা খন নিশ্চয়কৈ চাব লগীয়া । তিনি টা কাহিনী সুন্দৰকৈ কৈছে পৰিচালকে । বিষয় বস্তু নতুন । উপস্থাপন আকৰ্ষণীয় । পৰিচালনা, চিত্ৰনাট্য, অভিনয়, সংগীত,কেমেৰা, সংলাপ, লোকেচন, সাজসজ্জা, ৰূপসজ্জা আদিৰ সুষম সংমিশ্ৰণ ঘটিছে চিনেমা খনত। ইমানৰ পিছতো চিত্ৰগৃহত দৰ্শক নাই। প্ৰচাৰো আছিল চকুত লগা । তেন্তে কেনাটো কত ?         চিনেমা খনৰ সম্পদ হল আটাইকেইজন অভিনেতাই (পুৰুষ আৰু মহিলাৰ) মনমোহা অভিনয় কৰিছে । নীল(শেষৰ কাহিনীৰ বোবা জন), বিক্ৰম গগৈ, শ্বিনী গগৈ আৰু সিদ্ধাৰ্থ বড়ো Siddharth boro ৰ অভিনয় শলাগিব লগীয়া । নীল আৰু বিক্ৰমে পৰিচালকে বান্ধি দিয়া স্পেছক বিৰল ভাবে কামত লগাইছে । মাজে মাজে এই স্পেছ অতিক্ৰম কৰি নতুন এক মাত্ৰা দিছে। বিক্ৰমৰ এটা দৃশ্য উল্লেখ কৰিব পাৰি । পাকঘৰত গাহৰি মাংসৰ টুকুৰা এটা কাটি কাটি ফোনত কথা পতা দৃশ্যটো । অভিনেতা জনৰ চাল চলন, কথন ভংগী, হাত ভৰিৰ সঞ্চালন, চকু মুখৰ অভিব্যক্তিয়ে দৃশ্যটোক অন্য...