শিল্পী সকলৰ ওপৰত লকডাউনৰ প্ৰভাৱ
ভয়াবহ সংকটত পৰিছে অসমৰ শিল্পী সমাজ ¤¤#অমৰদ্বীপ_গগৈ কৰ'না ভাইৰাছে বিশ্বৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰভাৱ পেলাইছে । আধুনিক মানুহৰ মনন জোকাৰি যোৱা এই মহামাৰীৰ ফলত অসমৰ দৰে ৰাজ্য এখনত বাৰুকৈয়ে পৰিছে নেতিবাচক প্ৰভাৱ l কৰ'নাৰ ফলত অসমত বাকীবোৰ ক্ষেত্ৰত যিমান নেতিবাচক প্ৰভাৱ পৰিব তাতকৈ বহু বেছি প্ৰভাৱ পৰিছে অসমৰ চিনেমা জগতত । অসমৰ চিনেমা উদ্যোগটো আজিও চালুকীয়া । এতিয়া কৰ'ণা ভাইৰাচে এই ক্ষেত্ৰ খনক একেবাৰে নিশকটীয়া কৰি পেলালে । ইয়াৰ ফলত অসমৰ যিসকল চিনেমাৰ কৰ্মী সকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে l আজি ভাৰতৰ অৰ্থনীতি ধ্বংসপ্ৰায় ! চিনেমা নিৰ্মাণত বিনিয়োগ হয় যথেষ্ট বেছি । এনে প্ৰেক্ষাপটত অসমীয়া চিনেমাত বিনিয়োগ কৰিবলৈ কোনোবাযে আগ বাঢ়ি আহিব তাত সন্দেহ আছে l ফলত আগন্তুক দিন বোৰত অসমৰ চিনে কৰ্মী সকলযে নিবনুৱা হৈ পৰিব তাত সন্দেহ নাই ! আনহাতে দেশৰ মণ্ডাৱস্থাৰ বাবে টিভি জগত খনটো হ্ৰাস পাইছে বিজ্ঞাপন l বিজ্ঞাপন বিহীন ভাৱে অসমৰ মনোৰঞ্জনধৰ্মী টিভি চেনেল কেইটা কিমান দিনলৈ জীয়াই থাকিব তাতো সন্দেহ আছে !! ইয়াৰ সমান্তৰাল ভাবে অসমৰ সংগীত জগত খনলৈও খৰাং নামি আহিব । বহাগৰ বিহুটি বহুতৰ বাবে উপাৰ্জনৰ প...