ঘূণে ধৰা সমাজ
এই যে কিশোৰজনক মাৰিছে , অসহায় ভাবে কান্দিছে, হাতযোৰ কৰিছে , নামাৰিবলৈ কাতৰ ভাবে কৈছে - জানি আচৰিত হ'ব কিশোৰ জন মানুহৰ সন্তান নহয় । এজন আৰক্ষীয়ে কৈছে- ই সেই চোৰটোৰ পুতেক । গতিকে কিশোৰজনে মানুহৰ সন্মান পাবৰ যোগ্য নহয় । সেয়ে এবাৰো হাত নকঁপাকৈ আৰক্ষী জনে কোবাব পাৰিছে । এবাৰ ভাবকচোন আপোনাৰ ল'ৰাক কোনোবাই এনেদৰে কোবাইছে। ভাবিলেই গা শিয়ৰি নুঠেনে? এই আৰক্ষী জনৰো নিশ্চয় সন্তান আছে । আমাৰ শাসকসকলৰো আছে । কোনোবাই যদি এনেকৈ হাত তোলে ? অভিযোগ উঠিছে কিশোৰ জনে বিস্কুট চুৰ কৰিছিল। আমাৰ সমাজৰ বাবে কিমান গৌৰৱৰ কথা । এনে এখন সমাজ আমি গঢ় দিছো যত ভোকত খাবলৈ কিশোৰ এজনে বিস্কুট চুৰ কৰিব লগা হয় । ইফালে আমি ৰাজ্য খন, দেশখন সুখেৰে উপচি পৰিছে বুলি প্ৰচাৰ চলাইছো। কিশোৰ জনক চুৰ কৰিবলৈ বাধ্য কৰা, এনেকৈ মাৰপিট কৰা সমাজখনে আকৌ সেইজন কিশোৰকে দোষী সজাব । সংবেদনশীলতা নোহোৱা হোৱা সমাজখনে বেলেগৰ পৰা সংবেদনশীলতা বিচাৰে। এজন নাবালকক কেনে ব্যৱহাৰ কৰিব লাগে সেয়া দায়িত্ব শীল বিষয়া এজনে নাজানে ? প্ৰতিটো ক্ষেত্ৰত নিজে বিচাৰক হ'ব বিচাৰে। নৈতিকতা হীন সমাজে এইবোৰক বাহ বাহ দি উৎসাহিত ক...