Posts

Showing posts from August, 2019

হিটলাৰৰ সপোন

১৯৩৩\৩৪  চনৰ কথা । হিটলাৰৰ উদয় হৈছে । সেই সময়ত এটা খেতিৰ উৎসবত তেওঁ ভাষন দিছিল এনেদৰে- "এই পৃথিৱীত সকলোৰে বাবে ঘৰ আছে , কাৰণ ঈশ্বৰে সকলোকে স্বজন কৰিছে । সকলোৰে সমান অধিকাৰ আছে । সপোন দেখাৰ , জীয়াই থকাৰ অধিকাৰ আছে । "      গোটেই ভাষনতোত তেওঁ মানুহৰ জয়গান গাইছিল । জাৰ্মানীক সপোন দেখুৱাইছিল । আৰু নিৰ্বাচনৰ ঠিক আগত তেওঁ জাৰ্মান সকলক কৈছিল- মোক চাৰি বছৰ সময় দিয়ক । আপোনালোকৰ জীৱন মই সলনি কৰি দিম ।      সচাঁকৈয়ে জাৰ্মানী সলনি হৈছিল আৰু হিটলাৰে জাৰ্মানীক কেনেকৈ সলনি কৰিছিলে আমি সকলোৱে জানো ।

নিৰোদ চৌধুৰী

নিৰোদ চৌধুৰী এটা সময় আছিল - চৌখিন মানুহজনৰ লিখা নাপালে অসমীয়া কাকত আলোচনী ছপা নহৈছিল। অতি জনপ্ৰিয় আছিল মানুহজন। পানবজাৰৰ এখন ৰেষ্টোৰেণ্টত বহি তেঁও মাজে মাজে লিখিছিল। এই সুপুৰুষজন আছিল জনপ্ৰিয় কাহিনীকাৰ নিৰোদ চৌধুৰী । অসমৰ চিনেমাৰ বাবে আটাইতকৈ বেছি কাহিনী লিখিছে তেখেতে। কিন্তু স্বীকৃতি কোনে দিয়ে? নামটোও উল্লেখ কৰিবলৈ বেয়া পায়। কিন্তু নতুনসকলে এখেতসকলক জনা উচিত।

ৰবীন বেনাৰ্জী

ৰবীন বেনাৰ্জীৰ অসমীয়াই উচিত সন্মান নিদিয়া আৰু এজন তথ্যচিত্ৰ নিৰ্মাতা হৈছে প্ৰয়াত ৰবীন বেনাৰ্জী ডাঙৰীয়া। কাজিৰঙাক লৈ টেটু ফালি থকা সকলে জনা ভাল , বিশ্বত কাজিৰঙাক চিনাকী কৰাই দিয়া অন্যতম মানুহ আছিল বেনাৰ্জী চাহাব। অসমক আপোন কৰি লোৱা মানুহজনক অসমীয়াই কোনোদিনে প্ৰাপ্য সন্মান নিদিলে। অথচ অসমৰ চহকী প্ৰকৃতিক বিশ্বৰ আগত তেখেতে চিনাকী কৰি দিছিল। 

বাহানাবাজি

বিষয় - বাহানাবাজি        কিবা এটা কাম কৰিবলৈ বা নকৰিবলৈ আমাক এটা কাৰণ বা প্ৰচলিত অৰ্থত বাহানা লাগে। অসমৰ অধোগতিৰ বাবে বুদ্ধিজীবিৰ পৰা সাধাৰণজনলৈকে, সকলোৱে দোষ দিয়ে ৰাজ্যখনৰ অস্থিৰ পৰিবেশক। উগ্ৰপন্থাৰ পৰা হকে বিহকে দিয়া বন্ধয়ে অসমক সৃষ্টিশীল ৰূপত আগুৱাই নিয়াত বাধা দিছে। লগতে অসমৰ মানুহে কাম নকৰাৰ বদনাম এটা আছেই। কিন্তু সছাকৈ অস্থিৰতা,অৰাজকতাই উন্নতিৰ প্ৰধান অন্তৰায় নে? আহকচোন দুখনমান দেশৰ উদাহৰণ ল‌ও-           দীঘলীয়া ইৰাক ইৰাণৰ যুদ্ধৰ সময়তে, নতুন চিন্তা চেতনাৰে চিনেমা নিৰ্মান কৰিছিল ইৰাণৰ আব্বাচ কিৰোস্তামিয়ে। ৰক্ষণশীল সমাজৰ মাজত থাকি, কঠোৰ চেন্সৰশ্বিপৰ মাজতো বিশ্ব জয় কৰা চিনেমা নিৰ্মান কৰিছিল তেঁও।            ছোভিয়েত ৰুচিয়াৰ আটাইতকৈ অস্থিৰ সময়খিনিতে মেক্সিম গৰ্কীৰ দৰে লিখক উলাইছিল।          পৰমানু বোমাৰে ধ্বংস কৰা জাপান উঠি আহিছিল ফিনিক্স পখীৰ দৰে। (আজিকালি জাপানাৰ উদাহৰণ ফেচবুকত খুব দিয়া হয়। কিন্তু জানি আচৰিত হব ধ্বংসপ্ৰাপ্ত জাপানক জী তুলিবলৈ, চৰকাৰ তথা বুদ্ধিজীবি সকলে প্ৰথম কি কৰিছ...

পবিত্ৰ কুমাৰ ডেকা

বিষয় পবিত্ৰ কুমাৰ ডেকা      আমাৰ বাবে আচৰিত আছিল মানুহজন। ৰাতিয়ে দিনে ঘৰতে থাকে। ভেটিটো পাৰ হৈ কেনিও নাযায়। কিন্তু বিস্ময়কৰ ভাবে ঘৰত থাকিয়ে অসমৰ চিনেমা জগতখন নিয়ন্ত্ৰন (ইতিবাচক অৰ্থত)কৰি ৰাখে। সকলো খবৰ মানুহজনৰ ঘৰলৈ আহে নিজে নিজে।        দিনত শুই ৰাতি কাম কৰা পবিত্ৰ কুমাৰ ডেকা দেবৰ ঘৰখন ৰাতি হলে ভৰি পৰে। চিনেমা জগতৰ কোন জন মানুহ তেখেতৰ ঘৰলৈ আড্ডা মাৰিবলৈ যোৱা নাই? চিনেমাজগতৰ বহু মানুহক তেঁওৰ আড্ডাতে প্ৰথম লগ পাইছো। বিভিন্ন চিনেমাৰ বিষয়ে কথা পাতিছো। আৰু তেঁওৰ ঘৰটো ভৰ্তি হৈ আছিল চিনেমাৰ বহু আপুৰুগীয়া সম্পদেৰে। এক কথাত অসমৰ চিনেমাৰ ইতিহাস সোমাই আছিল তেখেতৰ ঘৰতে।        তাহানি আছাম ট্ৰিবিউন গোটে দূৰ্গা পূজাৰ সময়ত নাটক(অসমৰ বহু ঠাইত এই পৰম্পৰা আছিল) কৰিছিল। পবিত্ৰদাই তাতে চাকৰি কৰিছিল। তেতিয়া গৌৰী বৰ্মন,পবিত্ৰদা, নিৰোদ চৌধুৰী সহিতে আৰু বহুজনে নাটক কৰাত জান প্ৰান সঁপি দিছিল। নতুনসকলে নাজানিব,পবিত্ৰদা কেনেকোৱা ধৰণৰ অভিনেতা আছিল। যিসকলে তেঁওৰ অভিনয় চাইছে আজিও পাহৰা নাই।       এনে এজন বহুমুখী ব্যক্তিৰ ওপৰত উৎপল দত্তদেবে "...