Posts

Showing posts from February, 2022

ৰুচ-ইউক্ৰেন যুদ্ধ আৰু বিশ্ব নেতৃত্বৰ নিৰৱতা। যুদ্ধবাজ নেতা আৰু বিশ্ব জনগণৰ দায়িত্ব ।

এখন সাৰ্বভৌম দেশৰ ওপৰত আক্ৰমণ কৰা হ’ল। বিশ্বৰ অগণন দেশে বিব্ৰত হৈ চাই থাকিল। সকলো দেশে নিজৰ নিজৰ স্বাৰ্থৰ হিচাপ-নিকাচ আৰম্ভ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। NATO দেশসমূহে প্ৰত্যাশিতভাৱেই ৰুছে কৰা আক্ৰমণৰ বিৰোধিতা কৰিছে। কাৰণ ৰুছে তেওঁলোকৰ স্বাৰ্থত আঘাত হানিছে। বাকী দেশসমূহে নিম্ন স্বৰত গৰিহণা দিছে যদিও নিজৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিছে। খোলাখুলিকৈ মহাশক্তি চীনে ৰাছিয়াৰ পক্ষ লৈছে। বিশ্বৰ দেশসমূহৰ বিব্ৰত অৱস্থাই ইউক্ৰেইনৰ নাগৰিকলৈ কঢ়িয়াই আনিছে সীমাহীন দুখ-যাতনা।       পশ্চিমীয়া দেশসমূহক অত্যধিক বিশ্বাস কৰাৰ ফল ভুগিছে ইউক্ৰেইনৰ ৰাষ্ট্রপতি জেলেনস্কিয়ে। বিশেষকৈ আমেৰিকাৰ আধিপত্যবাদক আদৰণি জনাইছিল জেলেনস্কিয়ে। কিন্তু ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনো এজন আধিপত্যবাদী ৰাষ্ট্রনেতা। পুৰণা ছোভিয়েট ৰাছিয়াক পুনৰ জীৱিত কৰিব বিচাৰে পুটিনে। ইয়াৰ আগত ক্ৰিমিয়া আৰু জৰ্জিয়াত হোৱা আক্ৰমণৰ কথা পাহৰি গ’ল জেলেনস্কিয়ে। দুয়োখন সাৰ্বভৌম দেশৰ কঁকাল ভাঙি থৈছে আধিপত্যবাদী পুটিনৰ ৰাছিয়াই।       ৰাছিয়া, চীন, আমেৰিকা আদি বৃহত্‍ শক্তিৰ ওচৰত ৰাষ্ট্রসংঘৰ অৱস্থা অতি পুতৌজনক হৈ পৰে। এইবাৰো ৰাষ্ট...

ইউক্ৰেন-ৰুচ যুদ্ধ আৰু ভাৰত

বিশ্ব সম্প্ৰদায়ৰ শত আহ্বান সত্বেও ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিলে৷ পূব ইউৰোপৰ অস্থিৰতাই ইতিমধ্যেই ভাৰতত জোকাৰণি তুলিছিল৷ মঙলবাৰেই বিশ্বব্যাপী শ্বেয়াৰ বজাৰত উঠা খলকনি আহি আমাৰ দেশ পাইছিলহি৷ দিনটোৰ শেষত ছেনছেক্সৰ খহনীয়াই তাকেই প্ৰতিপন্ন কৰিছিল৷ বৃহস্পতিবাৰে ছেনছেক্সৰ খহনীয়া আৰু ব্যাপক হৈ দেখা দিছে৷ ৰাছিয়াৰ আক্ৰমনৰ পাছত দুপৰীয়া ১ বজালৈকে সূচ্যাংক প্ৰায় ২ হাজাৰ অৱনমিত হৈছে৷ সিমানেই নহয়, আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিৰো ভাৰতত প্ৰভাৱ অৱধাৰিত হৈ দেখা দিছে৷ ইয়াৰ পাছতো লক্ষণীয় কথাটো হৈছে পূব ইউৰোপৰ পৰিস্থিতি সন্দৰ্ভত ভাৰতৰ স্থিতি৷ ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে আগ্ৰাসী স্থিতি লোৱাৰ পাছতো ভাৰতে নিৰপেক্ষ অৱস্থান গ্ৰহণ কৰিছে৷ বিশ্ব সম্প্ৰদায়ে যুদ্ধবাজ পুটিনক সমালোচনা কৰিলেও, ভাৰতে এতিয়াও কোনো কঠোৰ মন্তব্য প্ৰকাশ কৰা নাই৷ বৰঞ্চ শান্তি আলোচনাৰ পথ যে এতিয়াও বন্ধ হোৱা নাই তেনে মন্তব্যই প্ৰকাশ কৰি আছে৷ আনকি ৰাছিয়াৰ বোমাবৰ্ষণৰ পাছতো ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ প্ৰতিনিধি তিৰুমূৰ্তীয়ে পৰিস্থিতি সন্দৰ্ভত দেশৰ উদ্বেগ প্ৰকাশ কৰি পৰিস্থিতি শাম কটোৱাতহে গুৰুত্ব আৰোপ কৰিছে৷ ভাৰতৰ এনে সাৱধানী মন্তব্যই...

মহাবীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী আৰু মনিৰাম দেৱানৰ ফাঁচীৰ ১৬৪ বছৰ

২৫ ফেব্ৰুৱাৰীত অসমবাসীৰ বাবে ভাল খবৰ কঢ়িয়াই আনিলে দেশৰ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে। অসমৰ মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰে মাননীয় ৰাষ্ট্রপতিজনে। অসমবাসীক যুগে যুগে আলোড়িত আৰু প্ৰেৰণা যোগাই আহিছে লাচিত বৰফুকনৰ বীৰত্বই। প্ৰৱল পৰাক্ৰমী মোগলক পৰাস্ত কৰি অসমবাসীক ৰক্ষা কৰিছিল মহাবীৰজনাই। যোৰহাটৰ ঐতিহাসিক লাচিত বৰফুকনৰ মৈদাম প্ৰাংগণত ৫০ বিঘা ভূমিত লাচিত বৰফুকন মৈদাম উন্নয়ন প্ৰকল্পৰ শুভ উদ্বোধন কৰে ৰাষ্ট্রপতিজনে। এই মৈদামথলীত ৬০ ফুট উচ্চতাৰ এখন মঞ্চত লাচিত বৰফুকনৰ ১৫০ ফুট ওখ এটা ব্ৰঞ্জৰ মূৰ্তি স্থাপন কৰা হ’ব। আলোকসজ্জাৰে আলোকিত হৈ পৰিব মৈদামথলী। ইয়াৰ উপৰিও ঐতিহাসিক আলাবৈ ৰণৰ স্মাৰকো নিৰ্মাণ কৰিব চৰকাৰে। ইও এক ইতিবাচক খবৰ। আলাবৈ পাহাৰৰ শীৰ্ষত এটি মৈদাম নিৰ্মাণ কৰিব চৰকাৰে। ১০ হাজাৰ অসমীয়া সৈন্যৰ ত্যাগক যুগমীয়া কৰি ৰাখিবলৈ এখন ৩০ মিটাৰ উচ্চতাৰ হেংদাং, স্মাৰক হিচাপে স্থাপন কৰা হ’ব। পাহাৰৰ নামনিত এটা যাদুঘৰ, এটা বীথিকা, দৃশ্য-শ্ৰাব্য গেলাৰী, প্ৰদৰ্শনী ভৱনো থাকিব। এই কামখিনি হৈ উঠিলে বৰ ডাঙৰ কাম এটা হৈ উঠিব। নৱপ্ৰজন্মই অসমৰ ইতিহাস, অসমৰ গৌৰৱ গাথাঁক জানিব পাৰিব। অসমীয়া হি...

ৰুচ-ইউক্ৰেন যুদ্ধত ভাৰতৰ নীতি কি হব

বিশ্ব সম্প্ৰদায়ৰ শত আহ্বান সত্বেও ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিলে৷ পূব ইউৰোপৰ অস্থিৰতাই ইতিমধ্যেই ভাৰতত জোকাৰণি তুলিছিল৷ মঙলবাৰেই বিশ্বব্যাপী শ্বেয়াৰ বজাৰত উঠা খলকনি আহি আমাৰ দেশ পাইছিলহি৷ দিনটোৰ শেষত ছেনছেক্সৰ খহনীয়াই তাকেই প্ৰতিপন্ন কৰিছিল৷ বৃহস্পতিবাৰে ছেনছেক্সৰ খহনীয়া আৰু ব্যাপক হৈ দেখা দিছে৷ ৰাছিয়াৰ আক্ৰমনৰ পাছত দুপৰীয়া ১ বজালৈকে সূচ্যাংক প্ৰায় ২ হাজাৰ অৱনমিত হৈছে৷ সিমানেই নহয়, আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিৰো ভাৰতত প্ৰভাৱ অৱধাৰিত হৈ দেখা দিছে৷ ইয়াৰ পাছতো লক্ষণীয় কথাটো হৈছে পূব ইউৰোপৰ পৰিস্থিতি সন্দৰ্ভত ভাৰতৰ স্থিতি৷ ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে আগ্ৰাসী স্থিতি লোৱাৰ পাছতো ভাৰতে নিৰপেক্ষ অৱস্থান গ্ৰহণ কৰিছে৷ বিশ্ব সম্প্ৰদায়ে যুদ্ধবাজ পুটিনক সমালোচনা কৰিলেও, ভাৰতে এতিয়াও কোনো কঠোৰ মন্তব্য প্ৰকাশ কৰা নাই৷ বৰঞ্চ শান্তি আলোচনাৰ পথ যে এতিয়াও বন্ধ হোৱা নাই তেনে মন্তব্যই প্ৰকাশ কৰি আছে৷ আনকি ৰাছিয়াৰ বোমাবৰ্ষণৰ পাছতো ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ প্ৰতিনিধি তিৰুমূৰ্তীয়ে পৰিস্থিতি সন্দৰ্ভত দেশৰ উদ্বেগ প্ৰকাশ কৰি পৰিস্থিতি শাম কটোৱাতহে গুৰুত্ব আৰোপ কৰিছে৷ ভাৰতৰ এনে সাৱধানী মন্তব্যই...

ৰুচ-ইউক্ৰেন সংঘাত

সম্প্ৰতি বিশ্ব তোলপাৰ হৈ আছে ৰুচ-ইউক্ৰেইন সংঘাতক লৈ। বিশ্বৰ দেশসমূহে এই সংঘাতক সাৱধানতাৰে লক্ষ্য কৰি আছে। কাৰণ বিশ্বৰ সৰু প্ৰান্ত এটাতো যদি নঘটিবলগীয়া কিছু ঘটনা ঘটে, তেন্তে তাৰ প্ৰভাৱ পৰে সমগ্ৰ বিশ্বতে। ৰুছ-ইউক্ৰেইন সংঘাটত দুই বৃহত্‍ শক্তি ৰাছিয়া আৰু আমেৰিকা জড়িত হৈ আছে। লগত আছে নাটোৰ দেশসমূহ। গতিকে বিশ্ব সম্প্ৰদায় উদ্বিগ্ন হৈ পৰিছে।          মূল সমস্যাটো হৈছে ইউক্ৰেইনে নাটোৰ সদস্য পদ ল’ব বিচাৰিছে। নাটোৰ দেশসমূহ ইউক্ৰেইনক আদৰিবলৈ প্ৰস্তুত। কিন্তু ৰাচিয়াই ইয়াৰ বিৰোধিতা কৰিছে। নাটোক লৈ ৰাছিয়াৰ এই অসন্তুষ্টি কিয় সৃষ্টি হৈছে? কিয় ৰাছিয়াই ইউক্ৰেইনক নাটোৰ সদস্য হোৱাত বাধা দিছে? এই কথাবোৰ বুজিবলৈ আমি আলোচনা কৰিব লাগিব নাটো কি হয় ? নাটোৰ জন্ম কেনেকৈ হ’ল?          North Atlantic Treaty Organization ক আমি চমুকৈ NATO বুলি কওঁ। নাটোৰ বিষয়ে কোৱাৰ আগতো বৰ্তমান পৰিস্থিতিৰ দুটামান কথা উল্লেখ কৰিব লাগিব। ৰুচ-ইউক্ৰেইনৰ সংঘাতৰ ফলত ৰাছিয়াৰ প্ৰায় দুই লাখ সৈনিকে ইউক্ৰেইনৰ সীমান্তত অৱস্থান লৈছে। কিছু ৰুছ সৈনিকে বেলাৰুছত যুদ্ধৰ অভ্যাস কৰিছে। ইয়াৰ বিপৰীতে ইউক্ৰ...

চিনেমা মহোৎসব আৰু অপপ্ৰচাৰ

অসমত বহু দিনৰ পৰা এটা কথা সকলোৱে লক্ষ্য কৰিছে যে দেশৰ ভিতৰৰ আৰু বাহিৰৰ চিনেমা মহোৎসব সমূহত অসমৰ চিনেমাই পুৰস্কাৰ পাইছে বা প্ৰদৰ্শনৰ সুবিধা পাইছে । এনে ধৰণৰ খবৰবোৰে ৰাইজক আনন্দিত কৰি তোলে । মিডিয়াত সাংঘাটিক ধৰণেৰে প্ৰচাৰ কৰা হয়। কোনেও মহোৎসব সমূহ কেনেকৈ, কি পৰ্য্যায়ৰ বিচাৰ কৰি নাচায় । পৃথিৱীত লাখ লাখ চিনেমা মহোৎসব আছে । আপোনাৰ চিনেমাখন যদি দহটা মহোৎসবলৈ পঠাই দুটাত প্ৰদৰ্শনৰ সুবিধা পাবই। কোনোবা এটাত পুৰস্কাৰো পাব নাই যাব পাৰে । কিন্তু আচল কথাটো হল মহোৎসবটো কি পৰ্য্যায়ৰ? তালৈ কেনেধৰণৰ চিনেমা আহিছিল? সেইবিলাকৰ গুণাগুণ কোনটো পৰ্য্যায়ৰ আছিল ? আৰু কিছু বাতৰি আহে - কান মহোৎসবত ভাৰতৰ অমুক গল তমুক গল । ৰেড কাৰ্পেটত অমুকে খোজ কাঢ়িলে আদি । এইবোৰ মহোৎসবৰ নিৰ্বাচিত চিনেমাৰ লগত সম্পৰ্ক হীন ঘটনা । ধৰা হল গুৱাহাটী আন্তৰ্জাতিক চিনেমা মহোৎসবলৈ কেটেৰিণাক মাতিলে । তাৰমাণে এইটো নহয় যে মূল মহোৎসবৰ নিৰ্বাচিত চিনেমা বোৰত ইয়াৰ প্ৰভাৱ পৰিব। অসমতে কিছু বছৰৰ আগত খবৰ প্ৰকাশ পালে যে প্ৰস্তুতি পৰাশৰে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিলে। চাই মেলি দেখিলো সেইটো এটা চিনেমা মহোৎসবহে।  ভাৰতীয় চিনেমাৰ পুৰোধা ব্যক্তি জনৰ না...

Writing with Fire Documentary Film

অসমৰ বাতৰি কাকত আৰু ইলেক্ট্ৰ’নিক মিডিয়াত এইকেইদিন চলি আছে হিজাব আৰু আনন্দ মিশ্ৰৰ বিতৰ্ক। ৰাষ্ট্রীয় চেনেল তথা কাকতসমূহ ব্যস্ত উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ নিৰ্বাচনক লৈ। ইয়াৰ মাজতে ভাৰতীয় চিনেমা জগতলৈ আহিছে এটা ভাল খবৰ। এখন তথ্যচিত্ৰই পাইছে অস্কাৰৰ মূল প্ৰতিযোগিতাত মনোনয়ন। অস্কাৰৰ তথ্যচিত্ৰ শিতানৰ মূল প্ৰতিযোগিতাত স্থান লাভ কৰিছে writing with fire নামৰ তথ্যচিত্ৰখনে। একাডেমী পুৰস্কাৰৰ মূল প্ৰতিযোগিতাত স্থান লাভ কৰা writing with fire-য়ে প্ৰথম ভাৰতীয় তথ্যচিত্ৰ। যিখনে মূল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। দ্য ৱাছিংটন পোষ্টৰ মতে, writing with fire হৈছে সাংবাদিকতাৰ ক্ষেত্ৰখনক প্ৰেৰণা যোগাব পৰা এখন চিনেমা। দ্য নিউয়ৰ্ক টাইমছেও তথ্যচিত্ৰখনক উচ্চ প্ৰশংসা কৰিছে। ৰিণ্টু থমাছ আৰু সুস্মিত ঘোষৰ দ্বাৰা পৰিচালিত তথ্যচিত্ৰখন কেইগৰাকীমান মহিলা সাংবাদিকৰ কৰ্মৰ ওপৰত আধাৰিত। কেইগৰাকীমান দলিত মহিলাই উলিওৱা বাতৰি কাকত ‘খবৰ লহৰিয়া কে উদয়’ৰ সংগ্ৰামপূৰ্ণ কাহিনীক দাঙি ধৰা হৈছে writing with fireত। খবৰ লহৰিয়া দলিত মহিলাৰ দ্বাৰা প্ৰকাশিত একমাত্ৰ ভাৰতীয় বাতৰি কাকত। তথ্যচিত্ৰখনত আকৰ্ষণীয়ভাৱে খবৰ লহৰিয়াৰ ইতিহাসক বৰ্ণনা কৰা হৈছ...