ৰুচ-ইউক্ৰেন যুদ্ধ আৰু বিশ্ব নেতৃত্বৰ নিৰৱতা। যুদ্ধবাজ নেতা আৰু বিশ্ব জনগণৰ দায়িত্ব ।
এখন সাৰ্বভৌম দেশৰ ওপৰত আক্ৰমণ কৰা হ’ল। বিশ্বৰ অগণন দেশে বিব্ৰত হৈ চাই থাকিল। সকলো দেশে নিজৰ নিজৰ স্বাৰ্থৰ হিচাপ-নিকাচ আৰম্ভ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। NATO দেশসমূহে প্ৰত্যাশিতভাৱেই ৰুছে কৰা আক্ৰমণৰ বিৰোধিতা কৰিছে। কাৰণ ৰুছে তেওঁলোকৰ স্বাৰ্থত আঘাত হানিছে। বাকী দেশসমূহে নিম্ন স্বৰত গৰিহণা দিছে যদিও নিজৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিছে। খোলাখুলিকৈ মহাশক্তি চীনে ৰাছিয়াৰ পক্ষ লৈছে। বিশ্বৰ দেশসমূহৰ বিব্ৰত অৱস্থাই ইউক্ৰেইনৰ নাগৰিকলৈ কঢ়িয়াই আনিছে সীমাহীন দুখ-যাতনা। পশ্চিমীয়া দেশসমূহক অত্যধিক বিশ্বাস কৰাৰ ফল ভুগিছে ইউক্ৰেইনৰ ৰাষ্ট্রপতি জেলেনস্কিয়ে। বিশেষকৈ আমেৰিকাৰ আধিপত্যবাদক আদৰণি জনাইছিল জেলেনস্কিয়ে। কিন্তু ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনো এজন আধিপত্যবাদী ৰাষ্ট্রনেতা। পুৰণা ছোভিয়েট ৰাছিয়াক পুনৰ জীৱিত কৰিব বিচাৰে পুটিনে। ইয়াৰ আগত ক্ৰিমিয়া আৰু জৰ্জিয়াত হোৱা আক্ৰমণৰ কথা পাহৰি গ’ল জেলেনস্কিয়ে। দুয়োখন সাৰ্বভৌম দেশৰ কঁকাল ভাঙি থৈছে আধিপত্যবাদী পুটিনৰ ৰাছিয়াই। ৰাছিয়া, চীন, আমেৰিকা আদি বৃহত্ শক্তিৰ ওচৰত ৰাষ্ট্রসংঘৰ অৱস্থা অতি পুতৌজনক হৈ পৰে। এইবাৰো ৰাষ্ট...