Posts

বিহুৰ শুভকামনা

বিহ-হুৰ শুভকামনা   এইবাৰ ৰঙালীত অসমীয়া জাতি ( যদি আছে এতিয়াও) বহু ক্ষেত্ৰত চিন্তা মুক্ত হ'ল। খানাপাৰাৰ পথাৰৰ মেলা খনে আমাক নিশ্চিতি দিলে অসম তথা উত্তৰ-পূব ভাৰতৰ সংস্কৃতি ( খাদ্যৰ পৰা আৰম্ভ কৰি পিন্ধা উৰালৈকে ) বিশ্ব দৰবাৰত সিঁচৰতি হৈ পৰিল। এক কথাত বিশ্বৰ বিভিন্ন ঠাইত অসমীয়া বুলি ক'লে সকলোৱে চিনি পোৱা হ'ল।      সীমান্ত শেখৰে বিনামূলীয়া চিনেমা প্ৰদৰ্শন কৰি অসমৰ চিনেমাক এক উচ্চতা প্ৰদান কৰিলে। বাকী চিনেমা নিৰ্মাতা সকলেও অসমৰ চিনেমাৰ বৃহত্তৰ স্বাৰ্থত নিজৰ নিজৰ চিনেমা বোৰ বিনামূলীয়াকৈ দিবলৈ সাজু হৈছে। সীমান্তৰ এই বৈপ্লৱিক পদক্ষেপে অসমৰ চিনেমা বিপননৰ সমস্যা শেষ কৰি নতুন দিগন্ত সূচনা কৰিলে । এতিয়া চিনেমা হ'ল নালাগে, সীমান্ত শেখৰক বিনামূলীয়াকৈ চিনেমা দি দিয়ক । চিনেমা হিত হব‌ই । অৰ্থাৎ অসমৰ চিনেমাৰ ডাঙৰ সমস্যাটোৱে নাইকিয়া হৈ পৰিল । সকলো চিনেমা কৰ্মীয়ে এতিয়া নিচিন্তে ৰঙালীত মন প্ৰাণ সঁপি দিব পাৰে ।      বঁটা প্ৰদান অনুষ্ঠানত  ফুকন চাৰৰ কথা শুনি সকলোৱে মনবোৰ সলনি কৰি ললে। বিশেষকৈ তাত থকা ৰাজনৈতিক নেতাসকলে । এতিয়াৰ পৰা ৰাজনীতিত বেয়া কাম নহয়...

ঘূণে ধৰা সমাজ

 এই যে কিশোৰজনক মাৰিছে , অসহায় ভাবে কান্দিছে, হাতযোৰ কৰিছে , নামাৰিবলৈ কাতৰ ভাবে কৈছে - জানি আচৰিত হ'ব কিশোৰ জন মানুহৰ সন্তান নহয় । এজন আৰক্ষীয়ে কৈছে- ই সেই চোৰটোৰ পুতেক । গতিকে কিশোৰজনে মানুহৰ সন্মান পাবৰ যোগ্য নহয় । সেয়ে এবাৰো হাত নকঁপাকৈ আৰক্ষী জনে কোবাব পাৰিছে । এবাৰ ভাবকচোন আপোনাৰ ল'ৰাক কোনোবাই এনেদৰে কোবাইছে। ভাবিলেই গা শিয়ৰি নুঠেনে? এই আৰক্ষী জনৰো নিশ্চয় সন্তান আছে । আমাৰ শাসকসকলৰো আছে । কোনোবাই যদি এনেকৈ হাত তোলে ?    অভিযোগ উঠিছে কিশোৰ জনে বিস্কুট চুৰ কৰিছিল। আমাৰ সমাজৰ বাবে কিমান গৌৰৱৰ কথা । এনে এখন সমাজ আমি গঢ় দিছো যত ভোকত খাবলৈ কিশোৰ এজনে বিস্কুট চুৰ কৰিব লগা হয় । ইফালে আমি ৰাজ্য খন, দেশখন সুখেৰে উপচি পৰিছে বুলি প্ৰচাৰ চলাইছো। কিশোৰ জনক চুৰ কৰিবলৈ বাধ্য কৰা, এনেকৈ মাৰপিট কৰা সমাজখনে আকৌ সেইজন কিশোৰকে দোষী সজাব ।     সংবেদনশীলতা নোহোৱা হোৱা সমাজখনে বেলেগৰ পৰা সংবেদনশীলতা বিচাৰে। এজন নাবালকক কেনে ব্যৱহাৰ কৰিব লাগে সেয়া দায়িত্ব শীল বিষয়া এজনে নাজানে ? প্ৰতিটো ক্ষেত্ৰত নিজে বিচাৰক হ'ব বিচাৰে। নৈতিকতা হীন সমাজে এইবোৰক বাহ বাহ দি উৎসাহিত ক...

চৰ্চাত Swift. ৰুচ-ইউক্ৰেন যুদ্ধত Swift ৰ ভূমিকা

ৰুছ-ইউক্ৰেইন যুদ্ধৰ মাজতে চৰ্চাত আছে SWIFT। বহুতে কৈ আছে ৰাছিয়াক SWIFT SYSTEM ৰ পৰা বাহিৰ কৰি দিব লাগে। ইতিমধ্যে ইউৰোপীয়ান ইউনিয়নে ৰাছিয়াৰ চেন্ট্রেল বেংকৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে। কিন্তু কি হয় SWIFT SYSTEM.              SWIFT হৈছে বিশ্বৰ বিভিন্ন দেশৰ মাজত বেংকৰ জৰিয়তে লেনদেন কৰা এক মাধ্যম। SWIFTত জড়িত হৈ আছে বিশ্বৰ প্ৰায় দুশখন দেশৰ বেংক। যাতে আন্তঃৰাষ্ট্রীয় স্তৰত বেংকসমূহে ধনৰ লেনদেন সূচাৰুৰূপে কৰিব পাৰে।        দ্বিতীয় মহাসমৰৰ পাছত বিশ্বৰ দেশসমূহে এনেকুৱা এখন প্লেটফৰ্মৰ সন্ধান আৰম্ভ কৰে, যাৰ জৰিয়তে আন্তঃৰাষ্ট্রীয় স্তৰত সুৰক্ষিতভাৱে ধনৰ লেনদেন কৰিব পাৰি। সেইসময়ত বিশ্বত প্ৰচলিত আছিল Telex নামৰ এক ব্যৱস্থা। Telex মানে Teleprinter Exchange। ই আছিল আধা কম্পিউটাৰ আৰু আধা ফেক্স মেচিনৰ সংমিশ্ৰণ। ধনৰ লেনদেন কৰিবলৈ হ’লে Telexৰ জৰিয়তে এটা Code পঠিয়াব লগা হৈছিল। কিন্তু অনুন্নত প্ৰযুক্তিৰ বাবে Telexত সূচাৰুৰূপে ধনৰ লেনদেন কৰিব পৰা নগৈছিল। প্ৰায়ে Code সমূহ ভুল হৈছিল আৰু সময়মতে Code সমূহ যোৱা নাছিল। তাৰোপৰি পদ্ধতিটো আছিল সাংঘাটিক লেহেম...

জেলেনস্কি কোন হয় ? কমেডিয়ানৰ পৰা ৰাস্ট্ৰপতিয়ে

সম্প্ৰতি বিশ্বত আটাইতকৈ বেছি চৰ্চিত হৈ থকা দুটা নাম হ’ল পুটিন আৰু জেলেনস্কি। এজন ৰাছিয়াৰ ৰাষ্ট্রপতি আৰু আনজন ইউক্ৰেইনৰ ৰাষ্ট্রপতি। ইয়াৰে পুটিন বিশ্বৰ ৰাজনীতিত আগৰে পৰা এটা চৰ্চিত নাম। ইউক্ৰেইনৰ কম বয়সীয়া ৰাষ্ট্রপতি জেলেনস্কি চৰ্চালৈ আহিছে যুদ্ধ আৰম্ভ হোৱাৰ পাছত।          জেলেনস্কিৰ জন্ম হৈছিল সেই সময়ৰ ছোভিয়েট ৰাছিয়াত। ১৯৭৮ চনৰ ২৫ জানুৱাৰীত কিয়েভত। তেওঁৰ যেতিয়া বয়স চাৰি বছৰ হৈছিল, তেতিয়া তেওঁৰ পৰিয়ালটো প্ৰৱজন কৰে মংগোলীয়লৈ। তাতে জেলেনস্কিৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয়। কিয়েভৰ নেচনেল ইক’নমিক ইউনিভাৰ্চিটিৰ পৰা জেলেনস্কিয়ে স্নাতক ডিগ্ৰী লাভ কৰে ২০০০ চনত।            পঢ়ি থকা অৱস্থাতে জেলেনস্কি প্ৰেমত পৰে থিয়েটাৰৰ। ১৯৯৭ চনত তেওঁ গঠন কৰে এটা নাটকৰ গোট। তেওঁ বিশেষভাৱে কৰিছিল ৰাজনৈতিক চেতায়াৰ । ইয়াৰ পাছত তেওঁ ইউক্ৰেইন টেলিভিচনৰ KVN নামৰ কমেডী প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে। জেলেনস্কিয়ে গঠন কৰা নাটকৰ কোম্পানীটোৰ নাম আছিল ‘কৰ্বাট্ৰন ৯৫’। ২০১১ চনলৈকে কোম্পানীটোৰ কলা নিৰ্দেশক হিচাপে জেলেনস্কিয়ে কাম কৰিছিল। পাছত তেওঁ ইণ্টাৰ চিটি চেনেলত প্ৰযোজক হিচাপে যোগ...

ৰুচ-ইউক্ৰেন যুদ্ধ আৰু বিশ্ব নেতৃত্বৰ নিৰৱতা। যুদ্ধবাজ নেতা আৰু বিশ্ব জনগণৰ দায়িত্ব ।

এখন সাৰ্বভৌম দেশৰ ওপৰত আক্ৰমণ কৰা হ’ল। বিশ্বৰ অগণন দেশে বিব্ৰত হৈ চাই থাকিল। সকলো দেশে নিজৰ নিজৰ স্বাৰ্থৰ হিচাপ-নিকাচ আৰম্ভ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। NATO দেশসমূহে প্ৰত্যাশিতভাৱেই ৰুছে কৰা আক্ৰমণৰ বিৰোধিতা কৰিছে। কাৰণ ৰুছে তেওঁলোকৰ স্বাৰ্থত আঘাত হানিছে। বাকী দেশসমূহে নিম্ন স্বৰত গৰিহণা দিছে যদিও নিজৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিছে। খোলাখুলিকৈ মহাশক্তি চীনে ৰাছিয়াৰ পক্ষ লৈছে। বিশ্বৰ দেশসমূহৰ বিব্ৰত অৱস্থাই ইউক্ৰেইনৰ নাগৰিকলৈ কঢ়িয়াই আনিছে সীমাহীন দুখ-যাতনা।       পশ্চিমীয়া দেশসমূহক অত্যধিক বিশ্বাস কৰাৰ ফল ভুগিছে ইউক্ৰেইনৰ ৰাষ্ট্রপতি জেলেনস্কিয়ে। বিশেষকৈ আমেৰিকাৰ আধিপত্যবাদক আদৰণি জনাইছিল জেলেনস্কিয়ে। কিন্তু ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনো এজন আধিপত্যবাদী ৰাষ্ট্রনেতা। পুৰণা ছোভিয়েট ৰাছিয়াক পুনৰ জীৱিত কৰিব বিচাৰে পুটিনে। ইয়াৰ আগত ক্ৰিমিয়া আৰু জৰ্জিয়াত হোৱা আক্ৰমণৰ কথা পাহৰি গ’ল জেলেনস্কিয়ে। দুয়োখন সাৰ্বভৌম দেশৰ কঁকাল ভাঙি থৈছে আধিপত্যবাদী পুটিনৰ ৰাছিয়াই।       ৰাছিয়া, চীন, আমেৰিকা আদি বৃহত্‍ শক্তিৰ ওচৰত ৰাষ্ট্রসংঘৰ অৱস্থা অতি পুতৌজনক হৈ পৰে। এইবাৰো ৰাষ্ট...

ইউক্ৰেন-ৰুচ যুদ্ধ আৰু ভাৰত

বিশ্ব সম্প্ৰদায়ৰ শত আহ্বান সত্বেও ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিলে৷ পূব ইউৰোপৰ অস্থিৰতাই ইতিমধ্যেই ভাৰতত জোকাৰণি তুলিছিল৷ মঙলবাৰেই বিশ্বব্যাপী শ্বেয়াৰ বজাৰত উঠা খলকনি আহি আমাৰ দেশ পাইছিলহি৷ দিনটোৰ শেষত ছেনছেক্সৰ খহনীয়াই তাকেই প্ৰতিপন্ন কৰিছিল৷ বৃহস্পতিবাৰে ছেনছেক্সৰ খহনীয়া আৰু ব্যাপক হৈ দেখা দিছে৷ ৰাছিয়াৰ আক্ৰমনৰ পাছত দুপৰীয়া ১ বজালৈকে সূচ্যাংক প্ৰায় ২ হাজাৰ অৱনমিত হৈছে৷ সিমানেই নহয়, আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিৰো ভাৰতত প্ৰভাৱ অৱধাৰিত হৈ দেখা দিছে৷ ইয়াৰ পাছতো লক্ষণীয় কথাটো হৈছে পূব ইউৰোপৰ পৰিস্থিতি সন্দৰ্ভত ভাৰতৰ স্থিতি৷ ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে আগ্ৰাসী স্থিতি লোৱাৰ পাছতো ভাৰতে নিৰপেক্ষ অৱস্থান গ্ৰহণ কৰিছে৷ বিশ্ব সম্প্ৰদায়ে যুদ্ধবাজ পুটিনক সমালোচনা কৰিলেও, ভাৰতে এতিয়াও কোনো কঠোৰ মন্তব্য প্ৰকাশ কৰা নাই৷ বৰঞ্চ শান্তি আলোচনাৰ পথ যে এতিয়াও বন্ধ হোৱা নাই তেনে মন্তব্যই প্ৰকাশ কৰি আছে৷ আনকি ৰাছিয়াৰ বোমাবৰ্ষণৰ পাছতো ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ প্ৰতিনিধি তিৰুমূৰ্তীয়ে পৰিস্থিতি সন্দৰ্ভত দেশৰ উদ্বেগ প্ৰকাশ কৰি পৰিস্থিতি শাম কটোৱাতহে গুৰুত্ব আৰোপ কৰিছে৷ ভাৰতৰ এনে সাৱধানী মন্তব্যই...

মহাবীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী আৰু মনিৰাম দেৱানৰ ফাঁচীৰ ১৬৪ বছৰ

২৫ ফেব্ৰুৱাৰীত অসমবাসীৰ বাবে ভাল খবৰ কঢ়িয়াই আনিলে দেশৰ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে। অসমৰ মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰে মাননীয় ৰাষ্ট্রপতিজনে। অসমবাসীক যুগে যুগে আলোড়িত আৰু প্ৰেৰণা যোগাই আহিছে লাচিত বৰফুকনৰ বীৰত্বই। প্ৰৱল পৰাক্ৰমী মোগলক পৰাস্ত কৰি অসমবাসীক ৰক্ষা কৰিছিল মহাবীৰজনাই। যোৰহাটৰ ঐতিহাসিক লাচিত বৰফুকনৰ মৈদাম প্ৰাংগণত ৫০ বিঘা ভূমিত লাচিত বৰফুকন মৈদাম উন্নয়ন প্ৰকল্পৰ শুভ উদ্বোধন কৰে ৰাষ্ট্রপতিজনে। এই মৈদামথলীত ৬০ ফুট উচ্চতাৰ এখন মঞ্চত লাচিত বৰফুকনৰ ১৫০ ফুট ওখ এটা ব্ৰঞ্জৰ মূৰ্তি স্থাপন কৰা হ’ব। আলোকসজ্জাৰে আলোকিত হৈ পৰিব মৈদামথলী। ইয়াৰ উপৰিও ঐতিহাসিক আলাবৈ ৰণৰ স্মাৰকো নিৰ্মাণ কৰিব চৰকাৰে। ইও এক ইতিবাচক খবৰ। আলাবৈ পাহাৰৰ শীৰ্ষত এটি মৈদাম নিৰ্মাণ কৰিব চৰকাৰে। ১০ হাজাৰ অসমীয়া সৈন্যৰ ত্যাগক যুগমীয়া কৰি ৰাখিবলৈ এখন ৩০ মিটাৰ উচ্চতাৰ হেংদাং, স্মাৰক হিচাপে স্থাপন কৰা হ’ব। পাহাৰৰ নামনিত এটা যাদুঘৰ, এটা বীথিকা, দৃশ্য-শ্ৰাব্য গেলাৰী, প্ৰদৰ্শনী ভৱনো থাকিব। এই কামখিনি হৈ উঠিলে বৰ ডাঙৰ কাম এটা হৈ উঠিব। নৱপ্ৰজন্মই অসমৰ ইতিহাস, অসমৰ গৌৰৱ গাথাঁক জানিব পাৰিব। অসমীয়া হি...